![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত পুনৰ ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। দেওবাৰে ৰাতিয়ে আই.চি.ইউত ভৰ্তি কৰা হৈছে বয়সীয়ান নেতা গৰাকীক। গুৰুত্বভাৱে অসুস্থ গগৈক কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰা হৈছে ।
চিকিৎসাধীন গগৈ বৰ্তমান কিছু সুস্থ হৈছে যদিও বিপদমুক্ত হোৱা নাই বয়সীয়ান নেতাগৰাকী। উল্লেখ্য যে দুটামাহ চিকিৎসাধীন হৈ থকা পাছত কেইদিনমানৰ পূৰ্বে ঘৰলৈ আহিছিল গগৈ।
জ্যেষ্ঠ চিকিৎসকৰ দলে গগৈক চিকিৎসা কৰি আছে। প্ৰয়োজনত এইমছৰ জ্যেষ্ঠ চিকিৎসক আহিব গগৈৰ বাবে।
ইফালে অসুস্থ গগৈ সন্দৰ্ভত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই কয় “গগৈ বৰ্তমান সুস্থ হৈছে। এমোনিয়াৰ পৰিমাণ কিছু বাঢ়ি আছে। চিকিৎসকৰ মাতত চকু মেলি চায়। জিভা উলিয়াব ক’লে দেখাই”।
“মাত বোল কৰিব পৰা নাই বুলি ক’ব নোৱাৰি। যি সোধা হয় সেইয়া কয়। খোৱা-বোৱা বৰ্তমান সময়ত দিয়া হোৱা নাই”- শৰ্মাই লগতে কয়।













