ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰেম-ভালপোৱা, সন্মান-দায়বদ্ধতাৰ বাৰ্তাৰে স্বাধীনতা দিৱসৰ সৈতে আহিল পৱিত্ৰ ৰাখী বন্ধন। পৰম্পৰা অনুসৰি ভনীয়েকে ককায়েকক মৰমৰ চিনস্বৰূপে এই দিনটোত ৰাখী পিন্ধাই আহিছে। সম্প্ৰতি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে এই দিনটো পালন কৰি এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

আন সকলৰ দৰে বলিউডৰ কোন কোন তাৰকাক কোনে কোনে ৰাখী পিন্ধাব, সম্প্ৰতি তাকে লৈ চৰ্চা অব্যাহত আছে। জানিব পৰা মতে এই দিনটোত বলিউডৰ তাৰকা অভিযেক বচ্চনক ৰাখী পিন্ধাব স্বেতা বচ্চন নন্দাই। উল্লেখ্য এওঁলোক দুয়ো বলিউডৰ তাৰকা দম্পতি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ সন্তান।

ইফালে ছলমান খানক ৰাখী পিন্ধাব চাৰিগৰাকীকৈ ভনীয়েক ক্ৰমে আৰবাজ, চোহাইল, আলভিৰা আৰু অৰ্পিতাই।
আকৌ বলিউডৰ প্ৰবীণ দম্পতি ঋষি কাপুৰ আৰু নিতু কাপুৰৰ পুত্ৰ ৰণবীৰ কাপুৰক ৰাখী পিন্ধাব কৰীণা কাপুৰে। উল্লেখ্য ৰাখী বন্ধনৰ বাহিৰেও এওঁলোক দুয়োকে আন আন স্থানটো একেলগে দেখা যায়।














