![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : মৃত্যুৰ ভয় আৰু মহামাৰীৰ আতংকই সন্ত্রস্থ কৰি ৰখা ২০২০ বর্ষটোৰ বিদায় প্রায় সমাগত। সমগ্র পৃথিবীৰ বাবেই এক অভিশাপস্বৰূপ হৈ পৰা বছৰটোৰ বিশ্বৰ কোটি কোটি লোকৰ বাবে সেইবাবে ২০২০ বর্ষ যেন হৈ পৰিছিল এক অনাকাংক্ষিত অভিশাপস্বৰূপ। মহামাৰীৰ কোৰোনাৰ মৃত্যুৰ ছায়াঘন অৱস্থিতিয়ে বিগত সময়ছোৱাত কোটি কোটি জনতাৰ মনোজগতত এক বিৰূপ প্রভাব পেলাই
অহাৰ বিপৰীতে কোৰোনাৰ আতংকত শতর্ধ হৈ পৰা পৃথিৱীত প্রকৃতিয়ে যেন নতুন ৰূপত প্রাণ পাই উঠিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰাজ্যখনত কোৰোনাৰ সংক্রমণৰ হাৰ উৎসাহজনকভাবে হ্রাস পোৱাৰ বাতৰিয়ে অসমবাসী বাইজক কিছু সকাহ দিয়াৰ সময়তে প্রকৃতিৰ বুকুলৈ শীতৰ আগমণৰ উৎসৰ ভৰা বার্তা লৈ প্রকৃতিৰ সৌন্দর্যৰ ৰম্যভূমি ডিমা হাচাও জিলাৰ উমবাংছুত ভীৰ কৰিছেহি জাকে জাকে পৰিভ্রমী আমুৰ ফেলকনৰ জাকে।
উল্লেখযোগ্য যে, উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে এক সুকীয়া প্রাকৃতিক বৈশিষ্ট্যৰে বিৰাজমান ডিমা হাচাও জিলাৰ প্রাকৃতিক সৌন্দর্য প্রকৃতিপ্রেমীসকলৰ বাবে আজিও এক বৃহৎ সাঁথৰ। শীতৰ আগমণৰ লগে লগে অগণন পৰিভ্রমী পক্ষীৰ আগমণে মুখৰ কৰি তোলা জাতিংগাই ইতিমধ্যে দেশী-বিদেশী পর্যটকৰ মাজত অন্যতম আকর্ষণৰ কেন্দ্র হিচাপে এক সূকীয়া পৰিচিতি লাভ কৰিআহিছে।
শেহতীয়াকৈ ডিমা হাচাও জিলাৰ উমৰাংচুৰ নান্দনিকতাৰ মাজত পৰিত্রমী আমুৰ ফেলকন পক্ষীৰ আগমণে পুনৰ দেশ-বিদেশৰ প্রকৃতিপ্রমীসকলক আকর্ষণ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে, ডিমা হাচাও জিলাৰ সদৰ চহৰ হাফলঙৰ পৰা প্রায় ১২০ কিঃ মিঃ নিলগত অৱস্থিত প্রকৃতিৰ সৌন্দর্যৰ অন্যতম খনিস্বৰূপ উমৰাংছু। পার্বত্য জিলাখনৰ উদ্যোগ নগৰী বুলি সাধাৰণতে পৰিচিত এলেকাটোৰ অতুলনীয় প্রাকৃতিক সৌন্দর্যক শেহতীয়াকৈ এক নতুন মাত্র প্রদান কৰিবলৈ সক্ষম হৈছে বিদেশৰ পৰা অহা জাক জাক আমুৰ ফেলকনৰ সমাবেশে। ৰঙা আৰু সোণালী ঠোঁটৰ দেহত বগা-কজলা ৰঙৰ সৰু সৰু ফোটযেন চিহ্নৰে আমুৰ ফেলকনৰ কল কাকলিৰে যোৱা কেইটামান বছৰত সমগ্র উমৰাংছুকে এক সুকীয়া পৰিচয় প্রদান কৰা পৰিলক্ষিত হৈছে। পানীমূৰৰ জলপ্রপাত আৰু টিংবুং গল্ফ ক’ৰ্চৰ বাবে বিখ্যাত উমৰাছুৰ শেহতীয়া পৰিচয় পৰিভ্রমী আমুৰ ফেলকন। পার্বত্য জিলাখনলৈ শীতৰ বতৰা লৈ অকেচাৰৰৰ পৰাই জাকে জাকে আগমণ ঘটে পৰিভ্ৰমী ফেলকন সুদুৰ চীন, ছাইবেৰীয়া, দক্ষিণ আফ্রিকাৰ পৰা হাজাৰ হাজাৰ কিঃমিঃ দুৰ অতিক্রম কৰি কিহৰ আকর্ষণত এই মনোৰম পক্ষীবিধে উমৰাংছুত ভীৰ কৰে সেয়া প্রকৃতিপ্রেমীসকলৰ বাবে এক সাথৰ হৈ আছে ৷












