![]()
নিউজ ডেস্কঃ
APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰূপজ্যোতি কুৰ্মীয়ে বিচাৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সালসলনি। প্ৰায় সময়তে নিজ মন্তব্যৰে চাঞ্চল্যৰ সৃষ্টি কৰা এইগৰাকী বিধায়কে এই দাবী উত্থাপন কৰাতো যেন আচৰিত নহ’ল APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। ৰূপজ্যোতি কুৰ্মীৰ এনে মন্তব্যৰ ওপৰত জিতেন্দ্ৰ সিঙৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁ বিধায়ক গৰাকীক সহজ সৰল লোকৰ আখ্যা দি প্ৰতিবাৰেই বিধায়ক গৰাকী সাংবাদিকৰ প্ৰশ্নৰ মেৰপাকত সোমাই পৰে বুলি ব্যক্ত কৰে। সৰল বিধায়ক গৰাকীৰ ওপৰত সাংবাদিকৰ শেনচকু থকা বুলিও মন্তব্য কৰে তত্ত্বাৱধায়ক গৰাকীয়ে।
আনহাতে, কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্ব এজন যুৱ নেতাক দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। চিনেমাত নতুন হিৰ’-হিৰ’ইনৰ আকৰ্ষণ থকাৰ দৰে কংগ্ৰেছটো যুৱ প্ৰজন্মৰ নেতাক অধিক গুৰুত্ব প্ৰদান কৰিলে কংগ্ৰেছ হিট হোৱাটো নিশ্চিত বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে।
যোৰহাটত অনুষ্ঠিত উজনি অসমৰ পাঁচখন জিলাৰ কংগ্ৰেছ কৰ্মীসকলৰ বিশেষ সভাত উপস্থিত থকা অধিকাংশ শীৰ্ষ কংগ্ৰেছী নেতাই ২০২১ চনৰ নিৰ্বাচনত মহাজোট বন্ধনেৰে কংগ্ৰেছ জয়ী হোৱাটো নিশ্চিত বুলি কয় APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। আনহাতে, একাংশ কংগ্ৰেছী নেতাৰ মন্তব্যই দলটোৰ ক্ষতি কৰাৰ কথাও স্বীকাৰ কৰে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই। APCCৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতাসকলক গাঁৱে গাঁৱে সোমাই ৰাইজৰ সৈতে মিলি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।













