অজন্তা তালুকদাৰ:
বোকাখাত : অসমৰ চাৰিসত্ৰৰ অন্যতম কুৰুৱাবাহী সত্ৰৰ বিংশতিতম সত্ৰাধিকাৰ গোপালচন্দ্ৰ দেৱগোস্বামীৰ আজি দিনৰ ১০-৪৫ বজাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পটালত দেহাৱসান ঘটে।
লগে লগে শূণ্য হৈ পৰে অসমৰ সত্ৰীয়া পৰম্পৰাৰ অন্যতম কৰ্ণধাৰগৰাকীৰ সত্ৰৰ পূণ্যাসন। উল্লেখ্য যে যোৱা ১৯ অক্টোবৰত সত্ৰাধিকাৰ গৰাকীক অসম মেডিকেল কলেজ হাস্পটালত ভৰ্তি কৰোৱা হৈছিল আৰু তেখেতৰ কভিড ১৯ পজিটিভ ধৰা পৰিছিল।
যোৱা সপ্তাহত তেখেতৰ কভিড নিগেটিভ হৈছিল যদিও শনিবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তাৎক্ষনিকভাৱে আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। প্ৰেছমেকাৰ সংৰোপিত সত্ৰাধিকাৰ গৰাকীৰ আজি মৃত্যু পৰ্যন্ত আই চি ইউ-তে আছিল।
আধুনিক, সংস্কৃত দুয়োবিধ শিক্ষাৰে শিক্ষিত
অপৰিসীম ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী ব্যক্তিয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকক শিষ্যত্ব প্ৰদান কৰি বৈষ্ণৱ আন্দোলনক নৱৰূপ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছিল৷ দেশৰ স্বাধীনতা সংগ্ৰামতো অংশ গ্ৰহণ কৰা সত্ৰাধিকাৰ গৰাকীৰ বিভিন্ন সময়ত এই সংগঠনসমূহৰ অধিবেশনৰ বিশিষ্ট আসন অলংকৃত কৰিছিল সত্ৰাধিকাৰ গৰাকীয়ে।
সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত কুৰুৱাবাহীৰ লগতে আজি সমগ্ৰ অসম জুৰি শোকৰ বন্যা পৰিলক্ষিত হৈছে। কেৱল ৰাজ্যখনৰে ১,২০,০০০ শিষ্য শোকত ভাগি পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা, কুৰুৱাবাহী সত্ৰৰ পৰিচালনা সমিতিকে ধৰি ৰাজ্যৰ অসংখ্য দল-সংগঠন, অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত বৈকুণ্ঠী সত্ৰাধিকাৰ গৰাকীয়ে পত্নী, দুই পুত্ৰ, বোৱাৰী, দুগৰাকী কন্যা, ভাতৃ-পুত্ৰ, ভাতৃ-বধুৰ লগতে নাতি-নাতিনী, অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে।













