ষ্টাফ ৰিপ’ৰ্টাৰ:
জুৰীয়াৰ দীঘলীআটিত সংঘটিত নৃশংস হত্যাকাণ্ড। ড্ৰাগছ আসক্ত পুত্ৰ শ্বৰিফুল ইছলামে নিজ গৃহত পিতৃ জয়নাল উদ্দিনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। পুত্ৰই নিজ পিতৃক হত্যা কৰি গামোচাৰে ফাঁচী লগায় আত্মহত্যাৰ ৰূপ দিয়াৰ দৰে এক ভয়ংকৰ আৰোপ লগাইছে পৰিয়ালৰ লোকে।
পূৰ্বৰে পৰা ধন দাবী কৰি পিতৃক মানসিক আৰু শাৰিৰীক কষ্ট দিছিল ড্ৰাগছ আসক্ত পুত্ৰই; আনকি পুত্ৰৰ সুখৰ বাবে পিতৃয়ে ৬লাখ টকাত মাটিও বিক্ৰী কৰিছিল। ইতিমধ্যে, পিতৃক হত্যা কৰি আত্মহত্যাৰ প্ৰচাৰ চলোৱা শ্বৰিফুলক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক৷













