![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
অসমৰ অইল ইণ্ডিয়া প্ৰতিষ্ঠানত কৰ্মসংস্হাপন পোৱাৰ আশাত,বহি:ৰাজ্য উত্তৰাখণ্ডৰ ডেৰাডুত, কামৰ প্ৰশিক্ষণৰ বাবে গৈ লংকা আৰু কাকীৰ দহজনীয়া এটি যুৱকৰ দল পৰিছে বিপদত। ছ’চিয়েল মেডিয়াত ভিডিঅ’ বনাই সহায় বিচাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱলৈ আৰু অসম আৰক্ষীলৈ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ৪ ছেপ্তেম্বৰ তাৰিখে লংকা পৰা দহজনীয়া এটি যুৱকৰ দলক, যমুনামুখ বকুলগুৰিৰ প্ৰশান্ত বৰা নামৰ এজন ব্যক্তিৰ তত্বাৱধানত অইল ইণ্ডিয়াত চাকৰি পোৱাৰ আশাত বহি:ৰাজ্য উত্তৰাখণ্ডৰ ডেৰাডুনলৈ চাকৰিৰ পূৰ্বেই প্ৰশিক্ষণৰ বাবে গৈছিল।
প্ৰশান্ত বৰাই ডেৰাডুনৰ “ৰামা গ্ৰেষ্ট হাউচ”নামৰ এখন হোটেলত থকা-খোৱাৰ ব্যৱস্হা কৰি দিয়াৰ লগতে যুৱক কেইজনক ডেৰাডুন অইল ইণ্ডিয়া একাডেমীত প্ৰশিক্ষণৰো ব্যৱস্হা কৰি দিছিল। কিন্তু বৰ্তমান যুৱককেইজনৰ প্ৰশিক্ষণৰ অন্তত: যোৱা ৩১ অক্টোবৰ তাৰিখৰ পৰা তেওঁলোকক লৈ যোৱা প্ৰশান্ত বৰা অন্তধ্যান হয়।
বৰ্তমান লৈকে সুংসূত্ৰ নাই প্ৰশান্ত বৰাৰ। মোৱাইলো বন্ধ প্ৰশান্ত বৰাৰ। যুৱককেইজনে উপাইহীন হৈ বৰ্তমান ছ’চিয়েল মেডিয়াৰ জৰিয়তে সহায়ৰ হাত বিচাৰিছে অসম চৰকাৰক। দৰাচলতে বৰ্তমান প্ৰশান্ত বৰা আৰু হোটেলৰ বাকীহোৱা বিলক লৈ অসুবিধাত পৰিছে যুৱককেইজন। হোটেলৰ থকা-খোৱাৰ বিল নিদিলে আহিব নিদিয়ে তেওঁলোক থকা হোটেল কৰ্তৃপক্ষই।
ইত্যিমধ্যে এই ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকক অৱগত কৰাইছে যুৱককেইজনে। যুৱৱকেইজনৰ পৰিয়ালে লংকা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আনহাতে লংকা আৰক্ষীয়ে ইতিমধ্যে ই ডেৰাডুন আৰক্ষীৰ জৰিয়তে সামগ্ৰীক ঘটনাৰ বুজ লৈছে বুলিও জানিব পৰা গৈছে। কিন্তু ,মূল ঘটনাটৌ হৈছে প্ৰশান্ত বৰা ক’ত অন্তধ্যান হ’ল ?? চাকৰিৰ প্ৰলোভন দি যুৱকসকলক এনেদৰে নি কি কৰিব বিচাৰিছে প্ৰশান্তই। এইয়া সকলো আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ??












