ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত। চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলোৱা হাতীয়ে ইতিমধ্যে বহু লোকক আহত কৰাৰ উপৰিও হাতীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হ’বলগীয়া হৈছে বহু লোক।
মঙলবাৰে নিশা এটা বন্যহস্তীৰ সৈতে হোৱা সংঘৰ্ষত আকৌ মৃত্যুক আঁকোলিবলগীয়া হয় কৃষক শ্ৰী দাম মণ্ডলে। হাতীটোৱে কৃষকগৰাকীৰ বাসগৃহটোও ভাঙি চুৰ-মাৰ কৰে।
ঘটনা সন্দৰ্ভত তীব্ৰ উত্তেজনাৰ হয় আৰু ঘটনাস্থলীত বন বিভাগৰ লোক তথা পাণবাৰী আৰক্ষী উপস্থিত হয় যদিও শ্ৰী দাম মণ্ডলৰ মৃতদেহ নিদি DFO ৰ ওচৰত সদৌ বিটিচি বাঙালী যুব ছাত্ৰ ফেডাৰচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিয়ে প্ৰতিবাদী ধৰ্ণা ৰূপায়ন কৰে। হাতী-মানুহৰ সংঘাত ৰোধৰ দাবীত মৃতদেহৰ ওচৰতেই দিয়া হয় এই ধৰ্ণা।













