![]()
নিউড ডেস্কঃ
নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি মুখ্যমন্ত্ৰীয়ে এক জৰুৰী বৈঠকত বহে৷
বৈঠকত কৃষিমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী, মুখ্য সচিব, মহানগৰ আৰক্ষী আয়ুক্ত, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷
লগতে বৈঠকত অংশগ্ৰহণ কৰে কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ, আছাম চেম্বাৰ্চ অৱ কমাৰ্চ, আলু আৰু পিয়াঁজ ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থা, মাছ ব্যৱসায়ী সন্থা, মাংস ব্যৱসায়ী সন্থা, হাঁহ-কুকুৰা ব্যৱসায়ী সন্থা, শাক-পাচলি ব্যৱসায়ী সন্থা, ফল-মূল ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকল। বিভাগীয় মন্ত্ৰী-বিষয়া আৰু প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত-বিনিময় কৰে৷
উল্লেখযোগ্য যে উক্ত বৈঠকত খাদ্য আৰু অসামৰিক যোগান বিভাগ, উদ্যান শস্য, পশু পালন, দুগ্ধ, কৃষি বিভাগৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে৷












