![]()
নগাঁও : বাঘজানৰ তৈল খাদত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডত ধ্বংস হোৱা জৈৱ-বৈচিত্ৰতা আৰু মাটিৰ গুণাগুণ ধ্বংস হোৱাৰ ওপৰত গৱেষণা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ছুইজাৰলেণ্ডৰ জুৰিশ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ জগন্নাথ বিশ্বকৰ্মাই । নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আজি অনলাইন যোগে অনুষ্ঠিত এক অন্তৰঙ্গ অনুষ্ঠানত অংশগ্ৰহণ কৰি অধ্যাপক ডঃ বিশ্বকৰ্মাই বাঘজানত হোৱা প্ৰদুষণ সম্পৰ্কত বিশদভাৱে অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। অধ্যাপকগৰাকীয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো চহকী ঠাইত প্ৰাকৃতিক সম্পদৰ ওপৰত গৱেষণা কৰাৰ পোষকতা কৰে।
উল্লেখ্য যে, নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত মহাবিদ্যালয় কৰ্তৃপক্ষই আমেৰিকা, বৃটেইন, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড, জাপানৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদক লৈ বিশ্বায়নৰ যুগত শিক্ষাৰ গুণগত মানদণ্ড আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণাৰ বাবে এখন পৰামর্শদাতা সমিতি গঠন কৰে। বিভিন্ন বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিশিষ্ট শিক্ষাবিদ আৰু গৱেষকৰ পৰামৰ্শ গ্ৰহণেৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্ৰী আৰু গৱেষক ছাত্র-ছাত্ৰীসকলক উপকৃত কৰাৰ বাবে কোভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ মাজতে নগাঁও মহাবিদ্যালয়ে ধাৰাবাহিকভাৱে শিক্ষাবিদ আৰু গৱেষকসকলৰ লগত এলানি অনলাইন অন্তৰঙ্গ আলাপ-অনুষ্ঠান অব্যাহত ৰাখিছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক আৰু অসম প্ৰাণী বিজ্ঞান সমিতিৰ সম্পাদক ডঃ যোগেন চন্দ্র কলিতাৰ সহযোগত কালি অনুষ্ঠিত অন্তৰঙ্গ অনুষ্ঠানত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ লণ্ডনস্থিত কিংছ কলেজৰ প্ৰাক্তন অধ্যাপক আৰু বৰ্তমানৰ অতিথি অধ্যাপক, শিক্ষাবিদ ষ্টুৱাৰ্ড মিলিগনে অংশগ্রহণ কৰে। নগাঁও মহাবিদ্যালয়ৰ সদ্য মনোনীত আন্তৰাষ্ট্ৰীয় পৰামৰ্শ দাতা প্ৰফেছৰ ষ্টুৱাৰ্ডে বিজ্ঞান শাখাৰ আটাইকেইটা বিভাগৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগত অন্তৰঙ্গ আলাপত মিলিত হৈ বিশ্বায়নৰ যুগত শিক্ষাৰ গুণগত মান আৰু গৱেষণাৰ ক্ষেত্রত অনলাইন যোগে এলানি পৰামৰ্শ আগবঢ়ায়।

এই অনুষ্ঠানত প্ৰফেছৰ ষ্টুৱাৰ্ডে জীৱ বিজ্ঞানে থলুৱা পৰিৱেশৰ সমস্যাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে বুলিও মন্তব্য কৰে। তেওঁ সামাজিক দায়বদ্ধতা হিচাপে মহাবিদ্যালয় এখনে গৱেষণাৰ বিষয়বস্তু সমাজৰ বাবে উপকৃত হোৱাকৈ নিৰ্বাচন কৰিব লাগে বুলিও উল্লেখ কৰে। উক্ত অন্তৰঙ্গ অনুষ্ঠানতে উপস্থিত থাকি অধ্যাপক যোগেন চন্দ্র কলিতাই আন্তৰাষ্ট্ৰীয় শিক্ষাবিদৰ পৰামৰ্শ দাতা সমিতি গঠনেৰে নগাঁও মহাবিদ্যালয়ে শিক্ষা জগতত ইতিহাস ৰচনা কৰা বুলি মন্তব্য কৰে। ডঃ ভুৱন চন্দ্র চুতীয়াই আঁত ধৰা এই অন্তৰঙ্গ অনুষ্ঠানত অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে অধ্যাপক ষ্টুৱাৰ্ডক উষ্ণ আদৰণি জনায়। আদৰণি ভাষণত ডঃ বৰকটকীয়ে শিক্ষা, গৱেষণা আৰু প্ৰসাৰৰ ক্ষেত্ৰত নগাঁও মহাবিদ্যালয়ে বিশ্বৰ বুকুত নিজৰ স্থান প্ৰতিষ্ঠিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ পৰামৰ্শৰ বাবে ষ্টুৱাৰ্ডক অনুৰোধ জনায়।
আনহাতে আজি অনুষ্ঠিত অনলাইন অন্তৰঙ্গ অনুষ্ঠানত অংশ লৈ বিশিষ্ট বিজ্ঞানী তথা ছুইজাৰলেণ্ডৰ জুৰিশ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: জগন্নাথ বিশ্বকৰ্মাই বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকসকলৰ লগত মত বিনিময় কৰে। তেওঁ গৱেষণাৰ ক্ষেত্রত বিজ্ঞান গৱেষকে কৰিবলগীয়া পৰামৰ্শও আগবঢ়ায়। দুয়োটা অনুষ্ঠানেৰ আঁত ধৰে ডঃ ভুৱন চন্দ্ৰ চুতীয়াই। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ কৃষ্ণকান্ত মেধিয়ে অন্তৰঙ্গ আলাপ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায়।













