![]()
আজি জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱম মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক শিল্পীগৰাকীৰ কৰ্ম আৰু সৃষ্টিৰাজিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে কয় যে ভূপেন হাজৰিকাৰ কৰ্মৰাজিৰ জ্ঞান অবিহনে স্কুলীয়া শিক্ষাৰ পাঠ অসম্পূৰ্ণ৷
ভূপেন হাজৰিকাক সমন্বয়ৰ বাৰ্তাবাহক হিচাপে উল্লে খকৰি মুখ্যমন্ত্ৰীয়ে কয়, সমন্বয় অবিহনে সমাজৰ উন্নয়ন নহয়৷ ভূপেন হাজৰিকাই মহা সমন্বয়ৰ বাৰ্তা দিছিল বুলিও তেওঁ লগতে উল্লেখ কৰে৷
উল্লেখ্য যে ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আজি আয়োজন কৰে স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা৷ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলে, সাংসদ কুইন ওজাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও বিভাগীয় বিষয়া৷

চৰকাৰী কাৰ্যসূচীৰ পূৰ্বে সমন্বয় ক্ষেত্ৰত ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জ্ঞাপন কৰে অসম ভ্ৰমণৰত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাই৷
আনহাতে, আজি আছুৰ উদ্যোগতো গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত আয়োজন কৰা হয় সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ দীঘলীপুখুৰীপাৰৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি ছাত্ৰ সন্থাৰ নেতৃত্ববৰ্গই শ্ৰদ্ধাঞ্জলি জনায়৷












