![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ বিভিন্ন স্থানত যোৱা ৫ নৱেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী পালন কৰা হয়। বোকাখাত নাট্যমন্দিৰৰ উদ্যোগত আৰু বোকাখাতৰ বিভিন্ন সাংস্কৃতিক, সামাজিক অনুষ্ঠানৰ সহযোগত বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯ম বাৰ্ষিক মৃত্যু বাৰ্ষিকী পালন কৰা হয়।

এই উদ্দেশ্যে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুৱা বন্তি প্ৰজ্বলন কৰে বোকাখাত নাট্যমন্দিৰৰ সভাপতি দিলীপ শইকীয়াই আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক তথা অসম সাংস্কৃতিক মহাসভাৰ প্ৰাক্তন সম্পাদক অচ্যুত হাজৰিকাই। স্মৃতি তৰ্পণ কৰে ক্ৰমে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, সাংবাদিক প্ৰদ্যুত মহন্ত আৰু কবি মৃদুস্মিতা শৰ্মাই। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি তথা বোকাখাত নাট্যমন্দিৰৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱা আৰু কবি-সাংবাদিক অজন্তা তালুকদাৰে আঁত ধৰা ভূপেন্দ্ৰ সংগীতৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰে বোকাখাত নাট্যমন্দিৰৰ সভাপতি দিলীপ শইকীয়াই।

অনুষ্ঠানত বোকাখাত নাট্যমন্দিৰৰ সাংস্কৃতিক সম্পাদকদ্বয় ক্ৰমে জিতেন শৰ্মা ৰাজখোৱা আৰু অৰুণ শইকীয়া, উপ-সভাপতিদ্বয় ক্ৰমে বিমান বৰুৱা আৰু দুলাল ডেকাৰ লগতে উদ্যোক্তা অনুষ্ঠানটোৰ আন আন বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ সৈতে একেলগে সংগীত পৰিবেশন কৰি খ্যাতি লাভ কৰা প্ৰবীন শিল্পী জিতেন শৰ্মা ৰাজখোৱা, মিচ ৱৰ্লড (কিডচ) ২০১৯ নিকিতা বৰা, সাংবাদিক-শিল্পী ৰঞ্জিত ৰজক, বিশিষ্ট শিল্পী ক্ৰমে বৰষা শৰ্মা, বৰ্ষাগ্নি ডেকা, ৰক্তিম নাথ, প্ৰসংগিকা মহন্ত, ৰিণ্টা পূজাৰী, পুষ্পা শইকীয়া, অংকিতা দেৱী আদিয়ে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰাৰ লগতে অৰ্চিতা গগৈয়ে নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জিতু শৰ্মা ৰাজখোৱাই।













