ষ্টাফ ৰিপ’ৰ্টাৰ:
মেঘালয় আৰু অসম মাজত দীৰ্ঘদিন ধৰি সীমাক লৈ বিবাদ চলি আছে৷ দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে এজন বিধায়কে৷
শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ মেঘালয়ৰ এজন বিজেপি বিধায়কে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে পত্ৰ প্ৰেৰণ কৰে৷ উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিত অসম আৰু মিজোৰামৰ সীমাত এক সমস্যাৰ সৃষ্টি হৈছিল৷ কিন্তু শান্তি পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা হস্তক্ষেপৰ পিছত শান্তি ঘুৰি আহিছিল৷
এইদৰে অমিত শ্বাহলৈ প্ৰেৰণ কৰা পত্ৰত বিধায়ক ছানবৰ শ্বুল্লায়ে উল্লেখ কৰে৷ বিজেপি বিধায়কজনে পত্ৰত উল্লেখ কৰে, “মই অসম আৰু মেঘালয়ৰৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা অমীমাংসিত সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰো”৷
ইয়াৰ লগতে তেওঁ লিখে, “২০২১ চনৰ ভিতৰত উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ মাজত সীমা বিবাদ সমাধান কৰাৰ সিদ্ধান্ত হৈছে এক সম্মানিত চিন্তা আৰু যিটোৰ বাবে আমি অতি কৃতজ্ঞ,”৷ অসম আৰু মেঘালয়ৰ মাজত কেইবাটাও অঞ্চল আছে য’ত সীমা বিবাদ সঘনে থাকে। এই বিষয়ে উল্লেখ কৰি বিধায়কজনে কয়, “ইয়াৰ ফলত সীমাৰ দুয়োফালে বাস কৰা লোকসকলৰ মাজত এক অশান্তি আৰু শত্রুতা সৃষ্টি হয়”৷
তেওঁ কয় যে “সমাধান নোহোৱা সীমা অঞ্চল”ৰ লোকসকল অসুবিধাৰ সন্মুখীন হৈছে কিয়নো অসম আৰু মেঘালয়ৰ মাজত বিবাদৰ বাবে কিছুমান বিকাশমূলক কাৰ্যকলাপ কৰিব পৰা নাই।” মেঘালয়ৰ বিজেপি বিধায়কজনৰ এই পত্ৰই দুয়োখন ৰাজ্যৰ মাজত থকা অমীমাংসিত সীমা সমস্যা সমাধান কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছে বিভিন্নজনে৷













