![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লামডিঙৰ ইঞ্জিনিয়াৰিং কলনিৰ এজন যুৱক ৷ নাম তেওঁৰ দ্বীপন সাহা ৷ বিগত বহুদিন ধৰি দ্বীপন হৃদৰোগত আক্ৰান্ত হৈ শৰ্য্যাগত হৈ আছে ৷ পৰিয়ালৰ লোকে দ্বীপনক গুৱাহাটী মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে লৈ গৈছিল যদিও আৰ্থিক সংকটৰ বাবে চিকিৎসা আধাতে এৰি দ্বীপনক লামডিঙলৈ পুনৰ উভতাই আনিব লগা হ’ল ।
অতি শীঘ্ৰেই দ্বীপনৰ অস্ত্ৰপ্ৰচাৰ কৰিব লাগিব বুলি চিকিৎসকে জনায়। ইফালে দিনক দিনে দুৰ্ভগীয়া যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো ৷ আৰ্থিক দিশে জৰুলা কৰা পৰিয়ালটোলৈ নামি আহিছে অমানিষা ৷ ৰোগীয়া পুত্ৰৰ চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ আহ্বান পৰিয়ালৰ লোকৰ।
সন্তানৰ চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সু-হৃদয়বান ৰাইজলৈ অকণমান আৰ্থিক সহায়ৰ আগবঢ়ালৈ অনুৰোধ জনায় দুৰ্ভগীয়া পৰিয়ালটোৱে৷ যদি কোনো ব্যক্তিয়ে দ্বীপনক সহায় কৰিব বিচাৰে। এলাহাবাদ বেংকৰ 50474034867 ( IFSC -ALLA0210787) একাউণ্ট নম্বৰত সহায় কৰিবলৈ অনুৰোধ কৰে পৰিয়ালৰ লোকে।












