ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমৰ এখন বিদ্যালয়ত মিজো দুষ্কৃতিকাৰীয়ে নিশা বোমা বিস্ফোৰণ ঘটায়৷ ইয়াৰ পৰা প্ৰতিয়মান হয় যে অসম-মিজোৰাম সীমান্তত দুষ্কৃতিকাৰীৰ তাণ্ডৱ অব্যাহত আছে৷ নিশা বোমা বিস্ফোৰণ ঘটোৱা বিদ্যালয়খন কাছাৰ জিলাৰ ধলাইত অৱস্থিত৷
অসম-মিজোৰাম সীমান্তৰ আপাৰ পাইন’ম প্ৰাথমিক বিদ্যালয়ত দুষ্কৃতিকাৰীয়ে নিশা এই বোমা বিস্ফোৰণ ঘটায়৷ বিস্ফোৰণত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি হয়৷ উল্লেখ্য যে এই বিদ্যালয়খন বৰ্তমানে মিজো আই আৰ বেটেলিয়নৰ দখলত আছে৷ আনহাতে বিদ্যালয়লৈ যোৱা প্রধান শিক্ষককো যোৱাত মিজো আৰক্ষীয়ে বাধা দিয়ে৷
মন কৰিব লগা যে যোৱা ১৭ অক্টোবৰৰ নিশা অসম-মিজোৰাম সীমান্তৱৰ্তী কাছাৰ জিলাৰ লায়লাপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ মিজো দুষ্কৃতিকাৰীয়ে অস্ত্ৰশস্ত্ৰ লৈ অসমৰ ভূমিৰ প্ৰায় ৫ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰিছিল৷
দুষ্কৃতিকাৰীয়ে অসমৰ ভূমিত থকা কেইবাখনো দোকানসহ ঘৰ জ্বলাই দিছিল৷ সেইদিনা কেইবাটাও হস্ত নিৰ্মিত বোমা বিস্ফোৰণ ঘটাছিল মিজো দুষ্কৃতিকাৰীয়ে৷ মিজো দুষ্কৃতিকাৰীয়ে অসমৰ লোকসকলৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে গুলীবৰ্ষণ কৰিছিল মিজোসকলে৷













