ষ্টাফ ৰিপ’ৰ্টাৰ:
অগ্ৰিম স্তৰত উপনীত ভাৰত চৰকাৰৰ নগা শান্তি আলোচনা। সাত দশক পূৰণি সমস্যাটোৰ বাবে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক মুইভা গোটৰ সৈতে চলা ভাৰত চৰকাৰৰ আলোচনাই নিজ অগ্ৰিম স্তৰত অৱনিত হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই।
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিদ্যালয়ৰ হীৰক জয়ন্তীত উপস্থিত হৈ উক্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ সমান্তৰালকৈ উত্তৰ- পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটৰ সৈতে যুঁজিবলৈ প্ৰত্যেক ৰাজ্য চৰকাৰক পৰ্যাপ্ত সহায়ৰ হাত আগবঢ়োৱাব বুলি প্ৰতিশ্ৰুতি দিয়ে ভাল্লাই।
ইয়াৰ উপৰিও, “গৃহ সচিব অজয় কুমাৰ ভাল্লাই লগতে কয় যে “চীনে উত্তৰ পূৰ্বৰ বিদ্ৰোহী গোটৰ নেতাসকলক সাম্ভাব্য ব্যৱহাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই আলফাকে ধৰি প্ৰায়বিলাক সশস্ত্ৰ বিদ্ৰোহী গোটৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ।
চীনে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীক ব্যৱহাৰ কৰিব পাৰে যদিও বৰ্তমান বিদ্ৰোহী গোটসমূহে ৰাইজ তথা স্থানীয় জনসাধাৰণৰ সমৰ্থন হেৰুৱাইছে । আলফা নেতৃত্বত সেয়ে ইতিমধ্যে অসমলৈ উভতি আহি চৰকাৰৰ সৈতে আলোচনাত বহিছে ।
একেদৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটেও যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰি দিল্লীত ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত সমাধান বাবে আলোচনা অব্যাহত ৰাখিছে ।”













