ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত সোমবাৰপৰা বিদ্যালয়ৰ শিক্ষার্থীসকলৰ আধাৰ নথিভুক্ত কৰাৰ অভিযান আৰম্ভ হ’ল। শিক্ষা বিভাগৰ উদ্যোগত এই কাৰ্য আৰম্ভ কৰা হৈছে।
প্রায় ৭০ লক্ষ শিক্ষাৰ্থীৰ আধাৰ নথিভুক্ত কৰা হ’ব এই অভিযানত । চৰকাৰী আৰু বেচৰকাৰী সমগ্ৰ বিদ্যালয়ৰ শিক্ষাৰ্থীকে এই অভিযানৰ আওতাত ৰখা হৈছে। ৬ ৰপৰা ১৮ বছৰ বয়সৰ সকলো শিক্ষার্থীৰ আধাৰ নথিভুক্ত কৰা হ’ব ।
সকলো ডেপুটি কমিচনাৰে তেওঁলোকৰ নিজৰ নিজৰ জিলাত এই বিনামূলীয়া আধাৰ নথিভুক্ত অভিযান আৰম্ভ কৰিছে।লক্ষ্য কৰা হৈছে সম্পূৰ্ণ অভিযান ২০২১ চনৰ মার্চ মাহৰ ভিতৰত শেষ হ’ব ।













