ASSAM TIMES POST
নগাঁও: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো ইয়াৰ নুৰুল আমিন খেলপথাৰত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। বহু সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ইয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।

তেওঁ অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, স্কাউট-গাইড আদিকে ধৰি বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা মাৰ্চ-পাৰ্চৰ অভিবাদন গ্ৰহণ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী দৈমাৰীয়ে চৰকাৰখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাম-কাজসমূহৰ বিষয়ে কয়।
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত মুক্তি যুঁজাৰু আৰু শ্বহীদ পৰিয়ালৰ সদস্যসকলক চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি ইয়াতে স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনৰদ্বাৰা আয়োজিত কুইজ, ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। ইয়াৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।













