ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature

কবিতা

ASSAM TIMES POST by ASSAM TIMES POST
August 16, 2019
Reading Time: 5 mins read
A A
0
কবিতা

Untitled 1 | ASSAM TIMES POST

RELATED POSTS

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

শাওণ
অনামিকা শইকীয়া দত্ত

নকবা আৰু শাওণৰ কথা
শাওণ মানেই এবুকু দুখ
গৃহহীন প্ৰজাৰ শইচহীন পথাৰ

শাওণ মানেই ভোকাতুৰ কৃষকৰ
আশাহীন হা-হুমুনিয়াহ
বানেধোৱা পথাৰৰ কৰুণ বিননি
ফোনঃ ৯১০১১৪৪৮৪৩

***********************

উত্তৰ
লখিমী কাকতি

মোৰো যে হিঁয়াখনি
গোলাপৰ পাহিৰে ভৰা
সু-কোমল, সুবাসৰ
এক গভীৰ সৰোবৰ….

তুমি সুধিছা মই কোন ??

দেখিছানে তুমি বাৰু ??
দুচকুত উপচি থকা
হৃদয়ৰ আকুতি !!
বন্দীত্বত ছটফটাই থকা
ভাল পোৱা মোৰ ??

তুমি মাথোঁ সুধিছা মই কোন?
ওঁঠত মোৰ দেখিছানে
এজাক দেৱশিশুৰ নিস্পাপ
হাঁহিৰ সৰলতা…..
শীতল জোনালীৰ স্নিগ্ধতা !!

আৰু জানানে তুমি?
অংগত আছে মোৰ
নিচা……
কেঁচা মৰমৰ গোন্ধ
একুৰা জলন্ত জুই!!
ছগাৰ দৰে জপিয়াই
আহুতি দিয়াৰ এক
প্রৱনতা….. মাদকতা….

আৰু আছে তোমালৈ!!
এবুকু সঁচা মৰম, ভালপোৱা
হৃদয়ৰ কোঠালি ভৰি…..
য’ত বিচাৰি পাবা
আকুল হোৱা মৰমৰ লহৰ
তোমাৰ হৃদয়ত……

মাথোঁ তোমাৰ বাবে….
কেৱল তোমাৰ বাবে
সাঁচি থৈছো পৰাণত….
ফোনঃ ৯৪৩৫৯৬২৭৪৭

***************************

মৰম তুমি দিন প্ৰতিদিন
চিৰসেউজ চিৰদিন
বৰ্ণালী হাজৰিকা

কৰ পৰা আঁকো মৰম কবিতা
তুমি যে বুকু মোৰ
অলেখ ভাৱনা ___

দুষ্ট মই নে
বতাহৰ চুমা ৰাগিত
ফিৰফিৰাই উৰি থকা
তোমাৰ চুলিটাৰি __
গোটেই ৰাতি যি মোৰ
বুকুতে শুলে ___
অজান মিঠা শিহৰণ তুলি
মাতাল ফুলাম বৰষুণে
ভিজালে শেতেলী-

দুচকুৰ পাহি জপাই
কিয় তপত উশাহ বিলাই দিলা
ওৰেতো নিশা –
বতাহ ঘ্ৰানত সেয়েটো
বলিয়া আঙুলিৰ বোল,
উঠা নমা উশাহত বাগৰে উশাহ,
প্ৰেমৰ চুমা নিচাত
ওঁঠৰ গুলপীয়া হেঁৰাল
ওঁঠ জীপাল হল
হৃদয়ৰ গোপনীয়তাত –

দুষ্ট অনুভৱ
দুষ্ট মায়াসনা সপোন
নে মৰমেই দুষ্ট অদৃষ্টৰ দান
নাজানো সেয়া__
অচিন অবুজ একোকে নুবুজো,

জানো মাথোঁ চঞ্চল নিশা
তুমি আহি হৃদয় চুই যোৱা,
লিহিৰি আঙুলিৰ বোল সানি
মৰম নিচুকাই অনুভৱ ফটিকাত
মোক মাতাল কৰা ।

জানো মাথোঁ__
তুমিয়েই জোন
তুমিয়েই ৰ’দ
দিন দূপৰ গধূলিৰ অন্তহীন
মোৰ বুকুৰ মৰম
দিন প্ৰতিদিন
চিৰসেউজ চিৰদিন
কবিতাৰ ছন্দধ্বনি___

**********************

অতৃপ্ত আত্মাৰ বিননি
টেজেন হাজৰিকা

তোমাৰ দৃষ্টিয়ে মোৰ হৃদয়ৰ কঠিনতাক
চিনি পায় ………..
মোৰ লৌহ কঠিন আৱৰণৰ তলৰ
সৃষ্টিশীলতাক তুমি অনুধাৱন কৰিব নোৱাৰা ,
তুমি ভবাৰ দৰে মই নষ্ট হোৱা নাই

আপোচতটো মৃত্যু আছেই
তথাপিও সুখৰ সন্ধানত
স্বাক্ষৰিত হয় আমৃত্যু চুক্তি

কায়িক শৰীৰ এটিৰে
সম্বন্ধ জিনিব জানো পাৰি
যদি তাত আত্মা নাথাকে ,
শব্দৰ চিতাত কিমান উঠিম
প্ৰাণহীন দেহাৰে ,
জ্বলি জ্বলি ছাই হোৱা অস্থিৰে
ৰচিত বেদনাৰ দস্তাবেজ

তোমাৰ চাহিদাত যদি হীনদেৰি
তেন্তে সুধিব পাৰা তুমি
অনাহক তিৰস্কাৰেৰে অপমানিত নকৰিবা
সময় থাকোতেই অনুভৱবোৰ
জীপাল কৰা …..

***************************

দুৰ্বোধ্য হৃদয়ৰ ভাষা
ৰমাকান্ত দাস
অনুভৱক অন্তঃকৰণেৰে অনুভৱ কৰি কবিতা ৰচিলোঁ হৃদয়ত,
নিষ্ঠুৰ কালৰ গতিত দুৰ্বোধ্য হ’ল ভাষা।
প্ৰৱাহমান নৈৰ সোঁতেও বাসনাৰ বিপৰীতে গতি সলালে,
বঠাহীন জীৱন নাওঁ মাজ নদীত স্তব্ধ।
প্ৰাণৰ মমতাৰ গতি ৰুদ্ধতাত
ডেউকা ভগা পক্ষীৰ কন্ঠত বাজে বিৰহৰ গীত।
শিলাময় হৃদয়ত প্ৰতিধ্বনিত গীতৰ সুৰে
মেঘপুঞ্জত আঘাত কৰি সৃষ্টি কৰে অবাঞ্চিত ধাৰাসাৰ বৃষ্টি।
যি বৃষ্টিয়ে প্লাৱন আনি
নিৰ্মূল কৰে আশা-আকাংক্ষা, সহিষ্ণুতা আৰু মানৱতাক।
ফোনঃ ৯৬৭৪৭৫৭৮০২

*****************************

শেষ নিবেদন
বাসন্তী বৰ্মণ পাঠক

মোৰ অনুভৱৰ কৰণিত
তুমি এপাহ সুগন্ধি ফুল
বসন্তৰ সেউজীয়া
শৰতৰ শেৱালি
দহোদিশ আমোলমোল।

সোণাৰুৰ হালধীয়া
ফাগুনৰ ৰং,পছোৱা
দম্ভ -অহংকাৰহীন শিমলুবুলীয়া
যেন এটি মিঠা সপোন
হৃদয় জুৰোৱা
গ্ৰীষ্মকালীন আবেলিৰ
এছাটি জুৰ মলয়া।

তোমাতেই বিচাৰি পাওঁ
আকাশৰ বিশালতা
সাগৰৰ গভীৰতা
ধৰিত্ৰীৰ দৰে সহিষ্ণুতা
আৰু জোনৰ শীতলতা।

তুমিয়ে মোৰ প্ৰেৰণা,
সৃষ্টিৰ উৎস
ৰঙীয়াল সপোন
কাব্যিক আবেদন,
হয়তো হ’বও পাৰা তুমি
এক নষ্ট সপোন
বিশ্বাসঘাতক-প্ৰতাৰক
সপোন ভঙা সপোনৰ কালঘুমটি
ষড়যন্ত্ৰৰ ঘাটি,
তেওঁ তুমিয়েই হ’বা
মোৰ অনুভৱৰ
জীৱন চক্ৰৰ
প্ৰতিটো খোজৰ
প্ৰথম বিচাৰক
এয়া তোমালৈ বুলি মোৰ
“শেষ নিবেদন।”

*************************

শব্দৰ সন্ধানত এজন কবি
মধু নাথ

শব্দৰ সন্ধান কৰি কৰিয়েই
মৰি থাকিল কবিজন
লিখা নহ’ল এটিয়ো শব্দ ভৰা কবিতা

প্ৰেম নামৰ এটি অদৃশ্য শব্দ
প্ৰাণভৰি ভাল পাইছিল তেওঁ
কিন্তু প্ৰেমৰ কলিজাত নাছিল এটিয়ো ৰক্তজবা
সেইবাবে সিয়ো নহ’ল কবিতা

জীৱন নামৰ আন এটি বৰ অনুপম শব্দ
ভাল পাইছিল তেওঁ
কিন্তু জীৱনৰ দুচকুত নাছিল দিপ্ত অগ্নি শিখা
সেইবাবে সিয়ো নহ’ল কবিতা

মৰম নামৰ অতি দুষ্প্ৰাপ্য শব্দ এটিৰে
লিখিছিল তেওঁ এটি দুটি কবিতা
কিন্তু সিহঁতৰো জিৰণি লবলৈ নাছিল এটি স্থায়ী ঠিকনা
সেইবাবে সিহঁতো নহ’ল কবিতা

কবিজনে ওৰেতো জীৱন
এটিয়েই মাথোঁ লিখিলে কবিতা
যিটো কবিতাত নাছিল —-
শব্দ-ভাষা, মাত-কথা আৰু উশাহ-নিশাহ

লিখা নহ’ল কবিজনৰ এটিয়ো শব্দভৰা কবিতা
ফোনঃ ৭০০২২৪২৩৫৬

*******************************

আজি মৃত-দিনৰ কবৰ এটা মোৰ বুকুত
উৎপল ভট্টাচাৰ্য

আকাশত চাং পাতি
কবিতা এসোপা ৰ’দাবলৈ দিছিলোঁ পুৱাতে আজি।

দুপৰলৈ কবিতাবোৰ পকা বেলটোৰ দৰে গোন্ধাইছে।
গোন্ধত মতলীয়া হৈ মই
উনৈশত বা-বলাই থাকোতে
আকাশখনে কজলা সাজ সলালে।

কবিতাবোৰ ডলাৰ বগৰী হৈ
যেনি-তেনি বাগৰি ঠিকনা হেৰুৱালে।

দিনটোৰ উশাহৰ দ’ম চুটিল….

ৰিখতাৰস্কেলৰ শেষ সীমা চোঁও চোঁও কৰা ভূমিকম্পত
দিনটোক কবৰ দিব পৰা এটা গাঁত মোৰ বুকুত।

মৃত-দিনৰ কবৰত
মই মোৰ কবিতাবোৰ বিসৰ্জণ দিওঁ কেনেকৈ ????
ফোনঃ ৯১০১৫৩৯৬০৪

*******************************

তোমাৰ পানীপিয়া চহৰত
চন্দনা ভাগৱতী

তোমাৰ পানীপিয়া চহৰত
সোণোৱালী ঠিকনা এটিৰ হাবিয়াসত
মোৰ অবাধ বিচৰণ
সেয়েতো মোৰ হৃদয়িক আস্ফালন

এজাক বৰষুণৰ বৰ প্ৰয়োজন
আহো বুলিলেই আহে
নাহো বুলিলেইছোন…
মিছা তৰ্জন,গৰ্জন….
সেয়েটো, মাটিয়েওঁ ছিৰাল ফাট মেলে

মোৰ দেহত পিছে,
বৰষুণৰ সুকোমল সুগন্ধ

সেই গোন্ধতেই হিয়া পখালি
সুৰেৰে গুণগুণাই
বুকুত এটি সুখৰ চৰাই৷

************************

সুখাভিলাষী
বন্দনা নাথ ঠাকুৰীয়া

মনটো যদি এখন কিতাপ হ’ল হয় ?
কোনে দেখিছে, কোনে বুজিছে
বিশাল বেদনাই জৰ্জৰিত কৰা হৃদয়ৰ বেথা?
যান্ত্ৰিকতাৰ প্ৰভাৱত আমি যেন একোটা যন্ত্ৰৰ পুতলা?
প্ৰেম-বিশ্বাস-ভালপোৱাত কৃত্ৰিমতাৰ চেকা।
ক্ষন্তেকীয়া জীৱনত তোমাৰপৰা মোলৈ কিমান দূৰ বাট?
হেৰাই যোৱা উশাহত অপেক্ষাৰত এখনি চিতা৷
আপোনজনৰ অকণমান চকুলো, সিওঁ দুদিনীয়া৷
এই বিশাল ব্ৰহ্মাণ্ডত কোন কাৰ বাবে?
যদি বুজা এই দুনীয়া সুক্ষ্ম এখনি ৰঙ্গমঞ্চ
আমি ভাওৰীয়া মাথোঁ মায়াৰে আবৃত
যাৰ অস্তিত্ব দুনয়নতে সমাপ্ত।
তেন্তে নকৰিবা কাৰো সৈতে অভিনয়ৰ ভুৱা খেলা৷
আধাৰশিলাতে নকৰি সমাপ্তি
জীৱন বোঁৱতী নদীত বোৱাই দিয়া প্ৰেমৰ বন্যা৷
সেই ফল্গূ ধাৰাত বিচাৰি পাবা মমতাৰ এখিলা বগা পৃষ্ঠা৷

ফোনঃ ৮১৩৪৮০৪৯৫৮

Untitled 2 1 | ASSAM TIMES POST

Share49Tweet3Send

Related Posts

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer
Stories

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

by ASSAM TIMES POST
August 4, 2024
50
The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future
ALL NEWS

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

by ASSAM TIMES POST
June 26, 2024
50
“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”
Stories

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

by ASSAM TIMES POST
April 14, 2024
50
“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”
Stories

“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”

by ASSAM TIMES POST
April 13, 2024
50
৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই
Stories

৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই

by ASSAM TIMES POST
February 13, 2024
50
“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”
Stories

“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”

by ASSAM TIMES POST
February 4, 2024
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx