ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ আমোলাপট্টিৰ পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতিয়ে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা আমোলাপট্টি অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়।
পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতিৰ সভাপতি ইন্দ্রমোহন বৰাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন জ্ঞাপন অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হোৱাৰ লগতে নিজৰ পছন্দৰ বিষয়টোত যাতে পাৰ্গত হ’ব পাৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।
আনহাতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্রগতিৰ সমান্তৰালভাৱে বহুজাতিক কোম্পানীয়ে আনি দিয়া ভোগবাদী চিন্তাৰ বাবে বহু ক্ষেত্রত মানুহে বৰ্তমান সময়ত আত্মিক সম্পৰ্কতকৈ যান্ত্রিক দিশত অধিক গুৰুত্ব দিবলৈ লোৱা বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। ছাত্ৰ-ছাত্ৰীসকলক জনোৱা অভিনন্দন অথবা সম্বৰ্ধনাক প্ৰেৰণা হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।
সভাত নগাঁৱৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই অংশগ্রহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীত নিজৰ লক্ষ্য স্থিৰ কৰি আগবঢ়ি যাবলৈ আহ্বান জনাই লগতে কয় যে ভাল ফলাফল এটা সময়ত অতীত হৈ গ’লেও পৰৱৰ্তী সময়ত আগবঢ়ি যোৱাত ই প্ৰেৰণা যোগায়। চিত্ৰ পৰিচালক বৰুৱাই তেওঁৰ জীৱনৰ কেতবোৰ অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে।
সভাত শিক্ষাবিদ যুক্তিনাথ খাউণ্ডেও ভাষণ দিয়ে। পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতিৰ সভাপতি সীমান্ত বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। জিতেন বৰকটকীয়ে আঁত ধৰা অভিনন্দন অনুষ্ঠানত শিক্ষাবিদ পূৰ্ণকান্ত বৰুৱা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, শিল্পী গোপাল শৰ্মা, অধিবক্তা গংগাবল্লভ গোস্বামী, ৱাৰ্ড কমিচনাৰ ৰিংকুমণি শইকীয়া, সমাজ কৰ্মী বাবুল চন্দ্ৰ দাস প্ৰমুখ্য অঞ্চলটোৰ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য, পূব নগাঁও ৰঙালী বিহু উৎসৱ সমিতি আৰু সাৰ্বজনীন নগাঁও শ্মশানঘাট শিৱ মন্দিৰ সমিতিয়ে যৌথভাৱে অঞ্চলটোৰ দুকুৰিৰো অধিক কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ, কিতাপৰ টোপালা, কলম আদিৰে অভিনন্দন জনায়। অনুষ্ঠানত ৰাংঢালী মইনা পাৰিজাতৰ শিশু সকলে নৃত্য-গীত পৰিবেশন কৰে।













