ASSAM TIMES POST
অজন্তা তালুকদাৰঃ ৭৩ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশৰ লগতে বোকাখাততো মহকুমা প্ৰশাসনৰ উদ্যোগত উলহ-মালহৰে উদযাপন কৰা হয়। পুৱাৰ ভাগত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত থকা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি আৰু শ্বহীদ কমলা মিৰি উদ্যানত থকা শ্বহীদ বেদীত পুস্পমাল্য অৰ্পণ কৰা হয়।
পুৱা ৯ বজাত বোকাখাত ৰাজহুৱা খেল পথাৰত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু আৰক্ষীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ইয়াৰ পাছতে সমাজসেৱাৰ বাবে ক্ৰমে দেৱেন্দ্ৰ নাথ ভূঞা, অৰুণ শৰ্মা, অগ্নি প্ৰসাদ শৰ্মা, লক্ষ্মীপ্ৰসাদ কটকী, পোনা দলে, জাৰমন্ত চিন্তে, বিশ্বৰাম পাটিৰ, যোগেই দলে আৰু চাৰ্কি দলে, সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে ক্ৰমে অতুল বেজবৰুৱা আৰু অনিল বৰা, শিক্ষাবিদ, সাংবাদিক বাবুলাল ম’ৰ, শিক্ষাৰ উত্তৰণৰ বাবে প্ৰদীপ শৰ্মা, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত শ্ৰেষ্ঠ চুটিছবিৰে উজলি উঠা ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকা, প্ৰকৃতি সংৰক্ষক মনোজ গগৈ, বান সাহায্যত বিশেষ ভূমিকা লোৱাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী, যান বাহন শাখাৰ উপ-পৰিদৰ্শক গোবিন কাকতি, কৃষিৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে পাপু হাজৰিকা আৰু জুলী গগৈ, বিশেষ দক্ষতাৰ বাবে দিলীপ কলিতা, পশুধনৰ চিকিৎসা শিতানত চৈয়দ মেহতাজ খণ্ড আৰু জানমনি শ্যাম, নিষ্ঠাবান কৰ্মী ক্ৰমে নোমল কুৰ্মী, কামেশ্বৰ হাজাম আৰু দীপাংকৰ দাস, আৰ্চাৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতি খেলুৱৈ বিশাল চাংমাই, মুকক এনজিঅ’, টাইকোৱানডোত আগবঢ়োৱা অৱদানৰ বাবে ক্ৰমে নিজৰা শইকীয়া, কল্পনা পাচুং, অনন্যা হাজৰিকা আৰু পল্লৱী দাস, আশা কৰ্মী মঞ্জু ছেত্ৰী, মুক্তিযোদ্ধা পৰিয়ালৰ সদস্য মহেন্দ্ৰ নাথ কামান, বনাঞ্চলিক বিষয়া ধৰণীধৰ বৰা, বন প্ৰহৰী থোলোকা পেগু, নিৰ্বাচনী কামত পটুতাৰ বাবে ক্ৰমে ননী ৰাজখোৱা, শশাংক ধবল শইকীয়া, শ্বাহিদ হুছেইন, দ্বিপেন সন্দিকৈ, প্ৰণৱ বৰা, বচাগাঁও গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদক, পাণবাৰী আদৰ্শ মিচিং গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদক, সমাজকৰ্মী ধৰ্মিন্দৰ দলে, চাফাই কৰ্মী ক্ৰমে চুটু তাঁতি, শিৱা তাঁতি, ৰাজেন তাঁতি, বিকাশ তাঁতি, বিজয় তাঁতি, কমল বাল্মীকি আৰু অমিতা সিং, চিকন আতা থানৰ নামঘৰীয়া পোনা বৰাক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১৩ আগষ্টত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যোতিস্মিতা গগৈ, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰিস্মিতা মণ্ডল আৰু মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰিয়াক্ষী ঢেকিয়াল ফুকনে।
কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় স্থান লাভ কৰে ক্ৰমে বোকাখাত চিএনবি মহাবিদ্যালয়ৰ হিমাংশু হাজৰিকা আৰু বিপ্লৱ ছেত্ৰী, বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ উপাসনা দত্ত আৰু ৰিতুমনি দলে আৰু তৃতীয় স্থান যুগ্মভাৱে লাভ কৰে ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰুবী দত্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাগ্যশ্ৰী পৰাশৰে।
‘ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ স্বাধীনতা সংগ্ৰামীৰ ভূমিকা’ শীৰ্ষক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বোকাখাত জে ডিএছজি মহাবিদ্যালয়ৰ বিশ্বজিত দাস, বোকাখাত চিএনবি মহাবিদ্যালয়ৰ গৌতম মজুমদাৰ আৰু বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ মৌচুমী বৰুৱাই।
কুচকাৱাজত ক্ৰমে খ্ৰীষ্টজ্যোতি হাইস্কুল, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বোকাখাত টাউন হাইস্কুলে স্থান লাভ কৰে। উল্লেখ্য যে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাট্যম, বোকাখাতৰ সহযোগত যোৱা ১৪ আগষ্টত নুমলীগড়ৰ পৰা আৰম্ভ কৰি বোকাখাত মহকুমাৰ বিভিন্ন স্থানত ধঁপাত বিৰোধী সজাগতাৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয়।












