ASSAM TIMES POST
নগাঁওঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অন্তৰংগ মুহূৰ্তত দেখা গ’ল প্ৰাক্তন ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই আৰু কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিগত নিৰ্বাচনত বিজেপিৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন কেন্দ্রীয় মন্ত্ৰী গোহাঁই আৰু কংগ্ৰেছৰ সাংসদ বৰদলৈ ওচৰা-ওচৰিকৈ চোফাত বহি আলাপত ব্যস্ত থকা দৃশ্যই উপস্থিত সকলোকে আকৰ্ষিত কৰিলে।
দুয়োগৰাকী নেতাই আনকি সংবাদ মাধ্যমৰ সন্মুখত ফটোৰ বাবেও পজো দিলে। অৱশ্যে দেশৰ স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত দুয়োগৰাকী ৰাজনীতিবিদে ৰাজনৈতিক বৈৰীভাৱ পৰিহাৰ একেখন মঞ্চত বহি কাৰ্যসূচী উপভোগ কৰা কাৰ্য ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ বাবে এক শুভ-লক্ষণ বুলিও বহুতে মন্তব্য কৰিছে।
ইপিনে শেহতীয়াভাৱে ভূৱনেশ্বৰ কলিতা, গৌতম ৰয়কে ধৰি অসমৰ ভালেকেইজন আগশাৰীৰ কংগ্রেছী নেতাই বিজেপি দলত যোগদান কৰা প্ৰসংগত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, ‘কংগ্ৰেছৰ দিনত দুৰ্নীতিত নিমজ্জিত নেতাসকলহে এতিয়া বিজেপিমুখী হৈছে। তেওঁলোকৰ দলত্যাগে কংগ্ৰেছক কোনো ক্ষতি নকৰে। অৱশ্যে ভূৱনেশ্বৰ কলিতাই দলত্যাগ কৰিব বুলি আমি ভবা নাছিলো।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে নগাঁও লোকসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱা প্ৰদ্যুৎ বৰদলৈয়ে বৃহস্পতিবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সপত্নীক অংশগ্ৰহণ কৰা দেখা গ’ল।













