ASSAM TIMES POST
তেজপুৰ: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত আজি বিশাল ৰাইজৰ সমাগমত এক বৰ্নাধ্য কাৰ্যসূচী অনুষ্ঠিত হয় ৷
ঐতিহ্যমণ্ডিত জামুগুৰিহাট বাৰেচহৰীয়া ভাওনাৰ প্ৰতিষ্ঠাপক শোণিতকোৱৰ গজেন বৰুৱা বঁটাৰ দ্বিতীয় বৰ্ষৰ বঁটা জামুগুৰিহাটৰ নাট্যকৰ্মী , সমাজ কৰ্মী , বলিষ্ঠ নাট পৰিচালক তথা শোণিতপুৰ জিলা আৰু অসমৰ এজন সু-ব্যক্তি শ্ৰীযুত ভৱেন বৰা দেৱক এই বঁটা প্ৰদান কৰে মূখ্যমন্তী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই ৷উপস্থিত থাকে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে , চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা , পল্লব লোচন দাস , হিশিকেশ গোস্বামী আদি মন্ত্ৰী সকলৰ লগতে উচ্চপদষ্ট বিষয়াও উপস্থিত থাকে অনুষ্ঠানত ৷
আজি প্ৰায় তিনি কুৰি খোল ১৫টা দবা কাহ শংখ ধ্বনিৰে মূখৰিত হল বাৰেৰহণীয়া কলা-সংস্কৃতিৰ মিলনৰ থলী জামুগুৰিহাটত ৷ ৰাইজৰ পদধূলাত ধন্য হ’ল জামুগুৰিহাট বাসী ৷ বিভিন্ন নৃত্যনুষ্ঠান , দিহানাম আদি কাৰ্যসূচীৰে সামৰণি পৰে শোণিতকোৱৰ গজেন বৰুৱা বঁটা প্ৰদান অনুষ্ঠান ৷













