মেঘালয়ৰ ছিলঙত কৰ্মৰত মৰিগাঁও সাপমাৰী গাঁৱৰ এজন CRPFৰ জোৱানে কৰ্মৰত অৱস্থাতে ৰহসজনকভাৱে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে ৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, মৰিগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দন্দুৱাৰ সমীপৰ সাপমাৰী গাঁৱৰ প্ৰয়াত তাহিৰাম বৰা আৰু প্ৰয়াত মাকনী বৰাৰ পুত্ৰ মুনিন্দ বৰাই মেঘালয়ৰ ছিলঙত CRPFৰ এজন জোৱান হিছাপে কৰ্মৰত আছিল ৷ পত্নী আৰু দুটি সন্তানৰ সৈতে এখন সুন্দৰ সংসাৰ পৰিচালনা কৰি যোৱা জোৱানজনে যোৱা ১১ নবেম্বৰত কৰ্মৰত অৱস্থাতে নিজৰ হাতত থকা বন্দুকেৰে ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ খৱৰে সকলোকে আচম্বিত কৰি তুলে ৷
অৱশ্যে এই মূহূৰ্তলৈ আত্মহত্যা নে কোনোৱাই হত্যা কৰিছে সেয়া স্পষ্ট হোৱা ৷ আনহাতে মুনিন্দ বৰা নামৰ জোৱান জনে কিয় আত্মহত্যা কৰিলে সেয়াও ৰহস্য আৱৰ্তত ৷ আজি জোৱানজনৰ নিজ গৃহ ভূমি সাপমাৰীত ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষকৃত সম্পন্ন কৰা হয় ৷