ASSAM TIMES POST
গুৱাহাটীঃ শেহতীয়াকৈ গেৰুৱা বসন পিন্ধা কংগ্ৰেছৰ কেইবাজনো গুৰুত্বপূৰ্ণ নেতাক শনিবাৰে আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
দিছপুৰস্থিত চৰকাৰী আৱাসত অনুষ্ঠিত এক সংবাদমেলত বিজেপিত যোগ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূৱনেশ্বৰ কলিতা আৰু প্ৰাক্তন কেবিনেট মন্ত্ৰী গৌতম ৰয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত সংঘটিত কেলেংকাৰিত প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা জড়িত আছিল। এই কেলেংকাৰিটোত কলিতা জড়িত থকাৰ অভিযোগ বিভিন্নজনে কৰা বুলি তেওঁ সংবাদমেলত কয়।
ইফালে অসম লোকসেৱা আয়োগক পাইকাৰী মাছৰ বজাৰলৈ পৰ্যবসিত কৰি সম্প্ৰতি ৰঙা ঘৰৰ ভাত খাই থকা অধ্যক্ষ ৰাকেশ পালক উক্ত পদত নিযুক্তি দিবলৈ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়েহে তেওঁক বহু জোৰ কৰিছিল। আওপকীয়াকৈ গগৈয়ে গৌতম ৰয়কে এপিএছচিৰ পৰ্বতোসম কেলেংকাৰিৰ নায়ক বুলি অভিহিত কৰিব খোজে।













