ASSAM TIMES POST
নতুন দিল্লীঃ নতুন দিল্লীস্থিত সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ জৰুৰীকালীন বিভাগৰ সমীপতে শনিবাৰে জুইৰ সূত্ৰপাত ঘটে। জৰুৰীকালীন বিভাগৰ কাষতে থকা শৈক্ষিক ব্লকৰ প্ৰথম আৰু দ্বিতীয় মহলাত জুই লাগে।
ইফালে অগ্নি সংযোগৰ ক্ষন্তেক পিছতেই ২২ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়গৈ। চৰ্ট চাৰ্কিটৰ বাবেই জুইৰ সূত্ৰপাত ঘটা বুলি ইয়াৰ এটা সূত্ৰই সংবাদ মাধ্যমত জনাইছে।
সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত থকাৰ বিপৰীতে জৰুৰীকালীন বিভাগৰ কাম-কাজ নিৰাপত্তাজনিত কাৰণত স্থগিত ৰখা হয়। অৱশ্যে ইয়াত হতাহতৰ কোনো তথ্য অদ্যপি লাভ কৰা হোৱা নাই।













