ASSAM TIMES POST
গুৱাহাটীঃ গণশিল্পী, বিহু সম্ৰাট খগেন মহন্তৰ শনিবাৰৰ দিনটো ওপজা দিন। ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁৱত জন্ম গ্ৰহণ কৰিছিল তেওঁ। জন্মদিন উপলক্ষে শনিবাৰে পুৱাৰে পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত থকা শিল্পীজনৰ সমাধিক্ষেত্ৰত বহু জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
https://youtu.be/ecpe-LlrUHw
তদুপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো তেওঁৰ ওপজা দিন উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে গণশিল্পী খগেন মহন্ত উদ্যান।
উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, খগেন মহন্তৰ পুএ অংগৰাগ পাপন মহন্ত আৰু পৰিয়ালৰ আন কেইবাজনো সদস্য। তদুপৰি খগেন মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি সন্ধিয়া ৬ বজাৰ পৰা কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বিশেষ সাংস্কৃতিক কাৰ্যসূচী।













