ষ্টাফ ৰিপ’ৰ্টাৰ:
অপৰাধমুক্ত ৰাজনৈতিক ক্ষেত্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত সৰৱ সৰ্ব্বোচ্চ ন্যায়ালয়। ন্যায়ালয়ে এখন বিশেষ পত্ৰৰ জৰিয়তে ৰাজনীতিকৰ বিৰুদ্ধে গোচৰৰ খৰটকীয়া নিষ্পত্তিৰ নিৰ্দ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩/২০২০ নম্বৰৰ লেখ আৱেদন গ্ৰহণ কৰাৰ লগতে ক্ষীপ্ৰ নিষ্পতিৰ নিৰ্দেশ দিছে নিম্ন আদালতক।
দোষী সাৱ্যস্ত ৰাজনৈতিক নেতাই নিৰ্বাচন খেলিব নোৱাৰিব বুলি অহা নিৰ্দেশনাৰ পিছতেই এতিয়া খলকনি সৃষ্টি হৈছে ৰাজনৈতিক মহলত; কিয়নো সমাগত এইবাৰৰ নিৰ্বাচন।
আনহাতে, জানিব পৰা মতে ২৪ গৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ৩৩ টাকৈ গোচৰ আছে য’ত বহুকেইজন শাসকীয় দলৰ নামো সন্নিৱিষ্ট হৈ আছে। ইয়াৰ উপৰিও নৱ কুমাৰ দলেৰ বিৰুদ্ধে ৪ টা গোচৰ, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৩ টা, বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ২টা গোচৰ, বিধায়ক কুশল দুৱৰীৰ বিৰুদ্ধে ২টা গোচৰ, বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ২টা গোচৰ, AIUDFৰ আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে ২টা গোচৰ।
আনহাতে তৰুণ গগৈৰ বিৰুদ্ধে এটা গোচৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এটা গোচৰ, হৰেণছিং বেৰ বিৰুদ্ধে এটা গোচৰ, সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ১টা গোচৰ, সাংসদ সুস্মিতা দেৱৰ বিৰুদ্ধে এটা গোচৰ, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক এ কে ৰচিদ আলমৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক দীপক ৰাভাৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক নৰেণ সোণোৱালৰ বিৰুদ্ধে আছে এটা গোচৰ৷আনহাতে, কংগ্ৰেছৰ জামালুদ্দিন আহমেদৰ বিৰুদ্ধে এটা, প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ বিৰুদ্ধে এটা, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে এটা, শ্বাহ আলমৰ বিৰুদ্ধে এটা, আতাউৰ ৰহমান মাজাৰ ভূঞাৰ বিৰুদ্ধে এটা, ৰচুল হক বাহাদুৰৰ বিৰুদ্ধে এটা আৰু প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ বিৰুদ্ধে এটা গোচৰ আছে।
উল্লেখ্য যে, ৰাহুল গান্ধীৰ বিৰুদ্ধে অসমত থকা গোচৰটোৰো বৰ্তমান চলি আছে বিচাৰ। যদিহে, তেওঁলোক বিচাৰত দোষী সাৱস্ত্য হয় তেনেহ’লে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা ল’ব লাগিব বিদায়। আগন্তুক বিধানসভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশে এতিয়া বহুকেইজন ৰাজনৈতিক নেতাৰ টোপনি হৰিছে৷ কাৰণ দোষী সাব্যস্ত হ’লেই এৰিব লাগিব ৰাজনৈতিক ক্ষেত্ৰ।