নিউজ ডেক্স:
এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল কলকাতা সংলগ্ন উত্তৰ ২৪ পৰগণাত। সোমবাৰে পুৱাই ৱাটছএপ আৰু ছচিয়েল মিডিয়াত ভুৱা নগ্ন ছবি ভাইৰেল হোৱাত আত্মহত্যা কৰে এগৰাকী একাদশ শ্রেণীৰ ছাত্রীয়ে। কিছুদিন আগতেই তেওঁ থানাত অভিযোগ কৰিছিল যে তেওঁৰ ছবি মর্ফ কৰি ইণ্টাৰনেটত ভাইৰেল কৰি দিয়া হ’ব বুলি ভাবুকি আহিছিল।
আৰম্ভণিতে এই অভিযোগ গুৰুত্ব সহকাৰে নল’লে আৰক্ষীয়ে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে দাবী কৰিছে যে পিছত তেওঁলোকে আৰক্ষীক যোগাযোগ কৰিলেও তেওঁলোকৰ অভিযোগটোত গুৰুত্ব নিদিলে আৰক্ষীয়ে। আৰক্ষী সূত্রে জানিব পৰা মতে, “ছাত্ৰীগৰাকীক নিজৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। তদন্ত চলিছে। আমি এটি অভিযোগ পাইছো আৰু তেওঁৰ মোবাইলটো অনা হৈছে৷”
সূত্রৰ খবৰ অনুসৰি, ছাত্ৰীগৰাকীয়ে তেওঁৰ বন্ধুৰ পৰা বহুকেইটা ৱাটছএপ মেছেজ পাইছিল। সেই মেছেজবোৰত তেওঁৰ বন্ধুসকলে ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱা মর্ফড ছবিবোৰৰ সম্পর্কে জনাইছিল। পৰিয়ালৰ লোকসকলেও এই সম্পর্কে জানিব পাৰিছিল।
তেওঁৰ পৰিয়ালে জনাইছে যে তেওঁ মানুহৰ সন্মুখীন হ’বলৈ বিব্রত বোধ কৰাত আত্মহত্যাৰ পথ বাছি লয়। পুৱা তেওঁক ঘৰতে চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁৰ প্রতিবেশী আৰু বন্ধুসকলে মৃতদেহ লৈ প্রতিবাদ কৰে আৰু আচামীৰ গ্রেপ্তাৰৰ দাবী জনায়।