ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ শুকুৰবাৰে পুৱা ৭ বজাত গুৱাহাটীৰ এপ’ল’ হাস্পতালত স্বৰ্গগামী হোৱা মিচিং আগম কৌবাঙৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, বুদ্ধিজীৱী টাবুৰাম টাইদৰ আত্মাৰ সদ্গতিৰ অৰ্থে বোকাখাত বাংচম আগম কৌবাং ভৱনত তিনিদিনৰ বাবে পতাকা অৰ্দ্ধনমিত কৰা হয়।
সন্ধিয়া আগম কৌবাং কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰাৰ লগতে বোকাখাত চাৰিআলিস্থিত চিকুন আতা তোৰণত টাইদ দেৱৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি শতাধিক বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন অনুষ্ঠানত মিগাং বিলাশ পাংগিং প্ৰমুখ্যে প্ৰাক্তন সভাপতি মিয়েম মিনতি দলে, সম্পাদক ধৰ্মিন্দৰ দলে, কেন্দ্ৰীয় সদস্য স্বপন কুটুম, বিশিষ্ট শিল্পী ৰত্নেশ্বৰ মৰাং, মুকক এন জি অ’ৰ বিজু পেগু, ব্লক কংগ্ৰেছৰ সম্পাদক বিমল দলে, প্ৰভূ কুটুমৰ লগতে সকলো বিষয়ববীয়া আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, মিচিং জাতীয় সংগঠন বোকাখাত আঞ্চলিকৰ টি এম পি কে, এম এম কে, টি এম এম কে, এন এফ আৰ এম ইউ/এফ কে জিৰ সম্পাদক কমল পাটগিৰি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য দাদু টাইদ, সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা আকাশ ফুকন, দাগৰৱৰ সম্পাদক সুৱৰ্ণ পাটগিৰি, শিক্ষক মহেন্দ্ৰ পেগু, কনক মৰাং, জ্যোতিষ কামান, বাণীকান্ত মেদক, মনেশ্বৰ কুটুমকে আদি কৰি শতাধিক লোকে বন্তি প্ৰজ্বলন কৰে।













