নিউজ ডেস্কঃ
শনিবাৰে দুটাকৈ ভূমিকম্পই কঁপাই তুলে মণিপুৰ৷ নেচনেল চেণ্টাৰ ফৰ ছিছম’লজীয়ে এই কথা প্ৰকাশ কৰা মতে এই ভূমিকম্প দুটাৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল প্ৰথমটোৰ ২.৮ আৰু আনটো ৪.০৷ উল্লেখ্য যে মণিপুৰৰ সেনাপতি এলেকাত পুৱা ৬.৫৪ বজাত ৰিখটাৰ স্কেলত ২.৮ প্ৰাৱল্যৰ প্ৰথমটো ভূমিকম্পটো হয়৷ ভূমিকম্পটো ১০ কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল৷
দ্বিতীয়টো ৰিখটাৰ স্কেলত ৪.০ প্ৰাৱল্যৰ ভূমিকম্পটো শনিবাৰে দিনৰ ১০.১৯ বজাত হয়৷ এই ভূমিকম্পটো ৩০ কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল৷ এই দুটা ভূমিকম্পৰ পৰা কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই৷ মাত্ৰ কেইটামান ছেকেণ্ডৰ বাবে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷