মনোজ কুমাৰ পাঠক:
লংকা : লামডিঙ-লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু গুৰুত্বৰভাৱে আহত আন দুজন৷
লামডিঙৰ সমীপৰ এছ ট্ৰানিঙত AS 02 AB 4195 নম্বৰ মহিন্দ্ৰা স্কৰপিয় আৰু AS 01 AD 7239 নম্বৰ টাটা চুুমুৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত টাটা চুমুখনৰ চালক আব্দুল ৱাহিদ থিতাতে নিহত হয়। আনহাতে হোজাই জিলা পৰিষদৰ সদস্য তথা অধিবক্তা ৰিপুন দাস আৰু তেখেতক চালকজন গুৰত্বভাৱে আহত হয় ৷












