ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ডিজিটেল সংগীৰ বিপৰীতে গ্ৰন্থ অধ্যয়নেহে দিব পাৰিপাৰ্শ্বিকতাৰ সৈতে খাপ খুৱাই সততা আৰু নৈতিকতাৰে জীৱন পৰিচালনা কৰাৰ জ্ঞানৰ সন্ধান, য’ত থাকে শিশুৰ মানৱীয় গুণৰ স্বতঃস্ফূৰ্ত বিকাশেৰে এখন শক্তিশালী সমাজৰ বুনিয়াদ। গ্ৰন্থ অধ্যয়নেই হ’ল সকলো নেতিবাচক কথা অগ্ৰাহ্য কৰি জীৱনৰ শুদ্ধ দিশ আৰু সফলতাৰ পথৰ সন্ধানৰ মূল চাবি কাঠি।

এয়াই আছিল বোকাখাত নাট্য মন্দিৰত যোৱা ১৭ আগষ্টত প্ৰয়াস নাট্য বিদ্যালয়, বোকাখাতৰ নিবেদনত সফল মঞ্চস্থ হৈ যোৱা ৰাতুল ফুকনৰ ৰচনা আৰু অবিনাশ শৰ্মাৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰ ‘চাবি কাঠি’ শিশু নাটৰ মূল কথা। প্ৰয়াস নাট্য বিদ্যালয়ৰ উদ্যোগত প্ৰশিক্ষকদ্বয় ক্ৰমে বিশিষ্ট নাট্যকৰ্মী ৰাতুল ফুকন আৰু চিক্কিম এন এচ ডিয়ান অবিনাশ শৰ্মাৰ অধীনত অনুষ্ঠিত বিগত এমাহ জোৰা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ অন্তত কৰ্মশালাত প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ‘চাবি কাঠি’ শিশু নাট খনিৰ প্ৰদৰ্শন কৰা হয়।

সমূহ অভিভাৱক, প্ৰয়াস অধ্যয়ন চক্ৰৰ সমূহ বিষয়-ববীয়া আৰু কৰ্মকৰ্তাকে ধৰি গৰিষ্ঠসংখ্যক দৰ্শকৰ উপস্থিতিত প্ৰদৰ্শিত ‘চাবি কাঠি’ৰ নাট্যসন্ধ্যাৰ মঞ্চ মুকলি কৰে প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি তথা বিশিষ্ট কবি, লেখক নিজৰা বৰঠাকুৰে। শিশু নাটখনিৰ আৱহ সংগীতৰ দায়িত্বত আছিল উদীয়মান যুৱ নাট্যকৰ্মী অভিলাষ বৰবৰা আৰু পোহৰৰ দায়িত্বত আছিল বিকাশ দুৱৰা ।

অভিনয়ত আছিল ক্ৰমে গীতাৰ্থৰ চৰিত্ৰত ঈষাণ বিদ্যুত শইকীয়া, অৰ্চিতৰ চৰিত্ৰত অৰিজিত প্ৰিয় ৰাজবংশী, ঈষাণৰ চৰিত্ৰত প্ৰাচুৰ্য বন ফুকন, কুঁহিপাঠৰ প্ৰতীকী চৰিত্ৰত চৰিত্ৰত দীক্ষিতা দীক্ষিত চমুৱা, মানসৰ চৰিত্ৰত মানসজ্যোতি শইকীয়া, ডাষ্টবীনৰ প্ৰতীকী চৰিত্ৰত গীতাৰ্থজিৎ শইকীয়া, ইতিবাচক মনৰ প্ৰতীকী চৰিত্ৰত অনিন্দিতা ভৰদ্বাজ আৰু নেতিবাচক মনৰ প্ৰতীকী চৰিত্ৰত ক্ৰমে আৰু মনিকা তাঁতী আৰু প্ৰয়াসী গগৈ, সুলেখা চিয়াঁহীৰ চৰিত্ৰত কিষাংগী দত্ত, উয়িং চাং কলমৰ প্ৰতীকী চৰিত্ৰত নিবিড় বৰা, শিক্ষকৰ চৰিত্ৰত গীতাৰ্থ প্ৰতীম ফুকন, মাইনুৰ চৰিত্ৰত অৰ্পিতা লয়িং, বনকৰা ল’ৰাৰ চৰিত্ৰত কুকিল বৰা, অন্যান্য চৰিত্ৰ সমূহৰ ৰূপায়ণত আছিল যথাক্ৰমে জোনাক নিবিড় গগৈ, স্মৃতিপ্ৰীয়া গগৈ, অৰ্পিত লয়িং, বেলিন্দা চিংকন, তন্ময় বৰা, অংগৰাগ গগৈ, হিমাদ্ৰী কাকতি আৰু অভিশ্ৰুতি গগৈ।

নাটখনিৰ মঞ্চায়নৰ আঁৰত মঞ্চসজ্জাৰ আহিলা প্ৰস্তুতকৰণকে আদি কৰি বিশেষভাৱে সহায়ৰ হাত আগবঢ়ালে বিশিষ্ট নাট্যকৰ্মী পংকজ নাথে। নাটৰ শেষত শিশু শিল্পী সকলক একোখনিকৈ কৰ্মশালাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ক্ৰমে ৰাতুল ফুকন, অবিনাশ শৰ্মা, নিজৰা বৰঠাকুৰ, বিশিষ্ট নাট্যকাৰ সাংবাদিক অমৰ শৰ্মা, বিশিষ্ট নাট্যকৰ্মী নিৰজমনি বৰা, বিশিষ্ট সাংবাদিক নাট্যকৰ্মী প্ৰদ্যুৎ মহন্ত, বিশিষ্ট নাট্যকৰ্মী কবি পল্লৱ হাজৰিকা, অভিভাৱক তথা সাংস্কৃতিক কৰ্মী ইভান লয়িং, উদীয়মান যুৱ নাট্যকৰ্মী ক্ৰমে তৰুণ তীৰ্থ শইকীয়া, আকাশদ্বীপ শইকীয়া, ধৰিত্ৰী দাস আৰু দোলন বাহেকে। অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য ৰাখে ৰাতুল ফুকন আৰু অবিনাশ শৰ্মাই, আঁত ধৰে চিলমিল সপোন হাজৰিকাই।














