ASSAM TIMES POST
জয়পুৰঃ ৰাজ্যসভাৰ সদস্য হিচাপে সোমবাৰে ৰাজস্থানৰপৰা বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং।
ৰাজস্থানৰ বিধানসভাত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যাগৰিষ্ঠতা নথকাৰ কাৰণেই কেন্দ্ৰত শাসনাধিষ্ঠিত দলটোৰ কোনো নেতাই ইয়াৰ অৰ্থে মনোনয়ন দাখিল কৰা নাছিল।
উল্লেখ্য ৰাজস্থানৰপৰা ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যখনৰ বিজেপিৰ মুৰব্বী মদন লাল চাইনীৰ দেহাৱসানৰপৰাই উক্ত আসনখন খালী হৈ আছিল। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে অসমৰপৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ডঃ সিং।













