ASSAM TIMES POST
মুম্বাইঃ ২০০৯ চনত ৰুজু হোৱা ড্ৰাগছ সৰবৰাহৰ এটা গোচৰৰ ভিত্তিত সোমবাৰে মুম্বাইৰ এখন বিশেষ আদালতে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া চাজি মোহনক ১৫ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।
একেটা গোচৰতে তেওঁৰ এজন দেহৰক্ষীক ১০ বছৰৰ কাৰাদণ্ড বিহা হয়। ২০০৯ চনত মোহনক ৪৪ কিগ্ৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছিল।
ইয়াৰে ১২ কিগ্ৰা আছিল হিৰ’ইন। মোহন জম্মু-কাশ্মীৰ কেডাৰৰ আইপিএছ বিষয়া আছিল আৰু গ্ৰেপ্তাৰৰ সময়ত কেৰেলাত নিযুক্ত আছিল।













