ASSAM TIMES POST
নতুন দিল্লীঃ দুবছৰ পূৰ্বে সলিল সমাধি ঘটা পুত্ৰৰ মৃত্যুৰ কাৰণ জানিবলৈ ব্যাকুল হৈ থকা এহাল দুৰ্ভগীয়া পিতৃ-মাতৃক তথ্য যোগান ধৰিবলৈ সক্ষম হ’ল এজন ইউটিউবাৰ। ঘটনাটো সংঘটিত হৈছে আমেৰিকাত।
সেই অনুসৰি ইয়াৰ এটা জলপ্ৰপাতত ২০১৭ চনত ৰিচাৰ্ড ৰাগলেণ্ড নামৰ এজন যুৱকৰ সলিল সমাধি ঘটিছিল। তেতিয়াৰপৰাই তেওঁৰ পিতৃ-মাতৃয়ে কি কাৰণত তেওঁলোকৰ সন্তানটোৰ পানীত পৰি মৃত্যু ঘটিল সেয়া উদঘাটনৰ কাৰণে হাবাথুৰি খাইছিল।

কিয়নো যুৱক জনৰ হাতত আছিল এটা গ’প্ৰ’ কেমেৰা। এইটো এটা এনেধৰণৰ কেমেৰা যে যুৱকজনৰ সকলো ধৰণৰ গতি-বিধি এই কেমেৰাটোৱে গ্ৰহণ কৰি ৰাখিব পাৰিছিল।
কিন্তু পুত্ৰৰ সলিল সমাধি ঘটাৰ লগে লগে কেমেৰাটোও হেৰাই গৈছিল। কিন্তু ৰিছ আলোহা নামৰ ইউটিউবাৰজনে শেহতীয়াকৈ উক্ত জলপ্ৰপাতটোতে অভিযান চলোৱাত কেমেৰাটোৰ ধ্বংসাৱশেষ উদ্ধাৰ হয়।
কিন্তু কেমেৰাটোৰ মেমৰি কাৰ্ডখনৰ বিশেষ ক্ষতি নোহোৱাত যুৱকজনৰ মৃত্যুৰ পূৰ্বৰ সকলো দৃশ্যাৱলী ইয়াৰপৰা উদ্ধাৰ কৰিব পৰা যায়।
সেইখিনিকে দুৰ্ভগীয়া পিতৃ-মাতৃহালক অৱগত কৰোৱাত, সেয়া যে তেওঁলোকৰ পুত্ৰৰেই হয়, তাৰ নিশ্চিতি প্ৰদান কৰে। প্ৰসংগক্ৰমে অভিযানৰ পূৰ্বে ইউটিউবাৰজনে যুৱকজনৰ মৃত্যু সম্পৰ্কে অৱগত আছিল আৰু একাংশ বন বিষয়াৰ সহায়ত সলিল সমাধি ঘটা স্থানৰ তথ্য আহৰণ কৰিছিল।













