ASSAM TIMES POST
গুৱাহাটীঃ প্ৰভাৱশালী মন্ত্ৰী তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টেটু কৰিলে বিজেপিৰ এজন কাৰ্যকৰ্তাই। কাৰ্যকৰ্তাজনে তেওঁৰ সোঁহাতত টেটু কৰি লয়।
এই সন্দৰ্ভত কাৰ্যকৰ্তাজনে কয়, ‘দাদা সদায় জিন্দাবাদ। কাৰো লগত তুলনা নাই… যাৰ কাৰণে নিজৰ হাতত স্থায়ীভাৱে অংকন কৰি লৈছো।’ গুৱাহাটীৰ এই কাৰ্যকৰ্তাজনৰ এনে কাৰ্যলৈ মন্ত্ৰী ডঃ শৰ্মায়ো সঁহাৰি জনাইছে।
ইয়াক বহুতেই অসমৰ ৰাজনীতিত বিৰল ঘটনা বুলি ক’ব খুজিছে।













