ASSAM TIMES POST
নগাঁওঃ ‘মোৰ নিচিনাকৈ অসমত আন কোনো মাতৃয়ে কান্দিব লগা নহওঁক। সেই কামনাৰেই এই পৱিত্ৰ মহাথানলৈ আহিছো।’-মহাপুৰুষ মাধৱদেৱৰ পৱিত্ৰ তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ এই মন্তব্য কৰিলে ডকমকা কাণ্ডত অতি কৰুণ ভাৱে প্ৰাণ হেৰুওৱা অভিজিৎ নাথৰ মাতৃয়ে।
উল্লেখযোগ্য যে পুত্ৰৰ হত্যাৰ সুবিচাৰ বিচাৰি বটদ্ৰৱা থানত শৰাই-বন্তি আগবঢ়োৱা অভিজিৎ নাথৰ মাতৃয়ে বটদ্ৰৱালৈ শান্তি বিচাৰি আহিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।
আনহাতে বটদ্ৰৱা সত্ৰত সেৱা জনাই পুত্ৰৰ হত্যাৰ সুবিচাৰৰ বাবে প্ৰাৰ্থনা জনোৱা অভিজিতৰ পিতৃয়ে পুনৰ সাক্ষ্য–প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰা বিপক্ষৰ অধিবক্তাক ভৰ্ৎসনা কৰে।
বিপক্ষৰ দুগৰাকী কনিষ্ঠ অধিবক্তাৰ বিৰুদ্ধে তৰা গোচৰৰ ভিত্তিত ইতিমধ্যেই নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে। প্ৰয়াত অভিজিৎ নাথৰ পিতৃয়ে লগতে কয় ‘ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু এই গোচৰত আমি জয়ী হৈ উচিত ন্যায় পাম।’













