ASSAM TIMES POST
বোকাজানঃ মঙলবাৰৰপৰা সৰিয়হজান ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হৈছে ৬৮ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃজিলা ফুটবল প্ৰতিযোগিতা। উদ্বোধনী খেলখন অনুষ্ঠিত হয় শদিয়া আৰু গোলাঘাটৰ ধনশিৰি দলৰ মাজত।
প্ৰতিযোগিতাৰ প্ৰাকমুহূৰ্তত বাৰেৰহণীয়া উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। স্থানীয় বিদ্যালয়সমূহৰ ছাত্র-ছাত্ৰী তথা কেইবাটাও সাংস্কৃতিক দলে নিজৰ নিজৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰে।
উল্লেখযোগ্য যে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সৰিয়হজান ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনিৰ ফাইনেল খেলখন ডিফুৰ কাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।












