নিউজ ডেক্স:
নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বেই দেশবাসীলৈ সুখ খবৰ। শীঘ্ৰে মহামাৰী ক’ৰোণাৰ পৰা হাত সাৰিব জনসাধাৰণে। অহা সপ্তাহত দেশত ভেকচিন উপলদ্ধ হোৱাৰ কথা ব্যক্ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ক’ৰোণা পৰিস্থিতিক লৈ শুকুৰৱাৰে অনুষ্ঠিত হোৱা এখন সৰ্বদলীয় বৈঠকত এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। ভাৰ্চুৱেল বৈঠকত বিজ্ঞানীসকলৰ অনুমোদন পত্ৰ লাভ কৰিলেই ক’ৰোণা ভেকচিনৰ টিকাকৰণ আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ” দেশত এই পৰ্যন্ত বহুকেইটা ভেকচিন তৈয়াৰ হোৱাৰ পথত।
প্ৰতিষেধক দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব ৰোগী আৰু স্বাস্থ্যকৰ্মীয়ে। তাৰ পিছতে ভেকচিন লাভ কৰাৰ তালিকাত অগ্ৰাধিকাৰ পাব দেশৰ বয়োজ্যেষ্ঠ লোকসকলে।উল্লেখযোগ্য, অহা সপ্তাহৰ পৰা ব্ৰিটেইনতো উপলব্ধ হ’ব কোৰোণাৰ ভেকচিন। সেইদৰে শীঘ্ৰে সাধাৰণ নাগৰিকক কোৰোণাৰ প্ৰতিষেধক টিকা প্ৰদানৰ কাম আৰম্ভ কৰিব ৰাছিয়াই।”












