নিউজ ডেক্স:
দিল্লী মেট্র’ ৰেল কর্প’ৰেচন (DMRC) নতুনকৈ বিভিন্ন ষ্টেচনত বিনামূলীয়া ক’ৰোনা ভাইৰাচ পৰীক্ষাৰ সুবিধা আৰম্ভ কৰিছে । দেশৰ ৰাজধানীত ক’ৰোনা ভাইৰাচ সংক্ৰমণৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত এই পদক্ষেপ লোৱা হৈছে ।
নেহেৰু প্লেচ্, আইটিঅ’, বদৰপুৰ, চান্দনী চ’ক, ইন্দৰলোক আৰু নেতাজী সুভাষ প্লেচ্ত অৱস্থিত মুঠ ৬ টা মেট্ৰ’ ষ্টেচনত আৰম্ভ কৰা হৈছে এই ক’ৰোনা পৰীক্ষণৰ সুবিধা ৷
বিশেষ সূত্ৰৰপৰা জানিব পৰা অনুসৰি, এই পৰীক্ষাসমূহ এজন লেবৰেটৰী টেক্নিচিয়ান আৰু চাৰিজন নাগৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকৰ একোটা দলৰ দ্বাৰা পৰিচালিত হ’ব ৷ ৰেপিড এণ্টিজেন টেষ্টৰ যোগেদি হ’ব লগা এই ক’ৰোনা পৰীক্ষাসমূহ বিনামূলীয়া হ’ব বুলিও জানিব পৰা গৈছে ৷












