নিউজ ডেক্স:
কৃষি আইন প্রত্যাহাৰৰ দাবীত চলি থকা কৃষক বিদ্ৰোহৰ আজি দ্বাদশ দিন। সিংঘুসহ দিল্লী-হাৰিয়ানাৰ সীমান্তৰ বহুকেইটা স্থানত কৃষকসকলে প্ৰদৰ্শন কৰি আছে বিক্ষোভ, অৱস্থানত আছে কৃষকসকল।
তাৰ মাজতে আজি সিংঘু সীমান্তলৈ গৈ বিক্ষোভকাৰী কৃষকসকলৰ লগত বিক্ষোভত চামিল হয় দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। তাত তেওঁ কৃষকসকলৰ লগত মত বিনিময় কৰি এই আন্দোলনত তেওঁৰ দলৰ পূৰ্ণ সমর্থনৰ কথা প্ৰকাশ কৰে।
সিংঘু সীমান্তত সাংবাদিকৰ সৈতে বাৰ্তালাপত কেজৰিৱালে কয়, ‘‘কৃষকসকলৰ সকলো দাবী মই সমর্থন কৰো। তেওঁলোকৰ দাবী আৰু সমস্যা বৈধ। মই আৰু আমাৰ দলে আৰম্ভণিৰে পৰাই কৃষকসকলৰ আন্দোলনৰ সমৰ্থন জনাই আহিছোঁ। দিল্লী আৰক্ষীয়ে ৯খন ষ্টেডিয়ামক অস্থায়ী জে’ললৈ ৰূপান্তৰ কৰাৰ বাবে অনুমতি বিচাৰিছিল, হেঁচাও প্ৰয়োগ কৰিছিল। কিন্তু মই অনুমতি নিদিলোঁ।’’












