বিশেষ প্ৰতিবেদন:
বহু বছৰ আগতে মিছৰৰ এজন যুৱকে ঔষধি ব্যৱহাৰৰ বাবে দেশৰ মৰুভূমি আৰু উপকূল অঞ্চলৰপৰা বৃষিক ধৰি আনি বৃষিকৰ বিষ সংগ্রহ কৰিবলৈ প্রত্নতত্ত্বৰ ডিগ্রী ত্যাগ কৰিছিল । ল’ৰাজনৰ নাম মহম্মদ হামদী ব’ষ্টা ৷
মাত্ৰ ২৫ বছৰ বয়সতে বিশ্বৰ এটা নাম থকা সংস্থা কাইৰো ভেনম কোম্পানীৰ মালিক ৷ এই কোম্পানীটোৰ উদ্দেশ্য মিছৰৰ ভিন ভিন ফাৰ্মত ৮০,০০০ বৃষিক আৰু সাপ পোহা সেইবিলাকৰ বিষ সংগ্ৰহৰ বাবে ৷
কোম্পানীটোৱে সংগ্ৰহ কৰা বিষ সমূহ ইউৰোপ আৰু আমেৰিকালৈ ৰপ্তানি কৰে এণ্টিভেনম তৈয়াৰ কৰিবলৈ যি ঔষধ সাপে খোটা বা তেনে কোনো বিষাক্ত জীৱৰ বিষৰপৰা জীৱন ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ এই সাপ আৰু বৃষিকৰ বিষবোৰ হাইপাৰটেনচনৰ দৰে ৰোগৰ ঔষধ নিৰ্মাণতো ব্যৱহাৰ হয় ৷