নিউজ ডেক্স:
চাহ খোৱাৰ চলেৰে ঘৰত সোমাই হাৰিয়ানাৰ চিৰচাত দুজন যুৱকে সংঘটিত কৰিলে এক জঘণ্য কাণ্ড। ঘৰৰ ভিতৰত সোমাই দলবদ্ধ ধৰ্ষণ কৰিলে এগৰাকী যুৱতীক; দুজন যুৱকৰ বিৰুদ্ধে শেহতীয়াকৈ যুৱতী গৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত, আৰক্ষীয়ে কিশোৰগৰাকীৰ মৃতদেহ নাগৰিক হাস্পাতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
নিহত কিশোৰীগৰাকীৰ পিতৃয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া ঘৰত কোনো নাছিল। সেই সময়তে দুজন পৰিচিত লোক ঘৰলৈ আহে আৰু চাহ খোৱাৰ চলেৰে ৰুমলৈ সোমাই যায়। কিশোৰীগৰাকীক অকলশৰে পাই ধৰ্ষণ কৰে আৰু পিছত হত্যা কৰি দুয়োজন যুৱক পলাই যায়।












