ষ্টাফ ৰিপ’ৰ্টাৰ:
মৰিগাওঁত এগৰাকী আৰক্ষীৰ কৰুণ মৃত্যু। আৰক্ষী চাউনিত গণেশ দাস নামৰ এজন আৰক্ষী অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়াত পৰে। খবৰনুসৰি, দায়িত্বত থকাৰ সময়তে কনিষ্টবল গৰাকী জুই পুৱাই আছিল আৰু সেই সময়তে অকস্মাৎ অগ্নিদগ্ধ হয় কনিষ্টবল গৰাকী।
পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় বৰপেটা জিলাৰ সৰভোগৰ নিৱাসী কনিষ্টবল গণেশ দাসৰ।













