ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে বেলট বাকচ লৈ ভোটকেন্দ্ৰ সমূহত উপস্থিত হৈছে পুলিং-পিজাইডিং বিষয়া। উল্লেখ্য যে, ৩৬টা পৰিষদীয় সমষ্টিত ভোটদান কৰিব ভোটাৰ ৰাইজে।
মুঠ ৪০৪টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ। ইফালে, ৩৬টা সমষ্টিত আছে ৪,৩৩,১৮৩জন ভোটাৰ। ইয়াৰে ২১৮২৪০জন পুৰুষ আৰু ২১৪৯৪২জন মহিলা ভোটাৰ বিপৰীতে এজন তৃতীয় লিংগৰ ভোটাৰো আছে।
ইতিমধ্যে নগাঁও, মৰিগাঁও আৰু কামৰূপৰ পৰা বিটিচিলৈ প্ৰেৰণ কৰা নিৰাপত্তাৰক্ষীক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, তিৱা স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত এটাত ইতিমধ্যেই বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে।













