নিউজ ডেক্স:
মোবাইলৰ ক্ষেত্রত এপ্লে যি নতুন গোপনীয়তা নীতি ল’বলৈ গৈছে, তাৰ বিৰুদ্ধে সৰব হৈছে ফেচবুক। মার্কিন যুক্তৰাষ্ট্ৰৰ খ্যাতি সম্পন্ন সংবাদপত্রত বিজ্ঞাপন দি ফেচবুকে জনাইছে যে তেওঁলোক ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বার্থ ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ ।
ফেচবুকে বিজ্ঞাপন যোগে দাবী কৰিছে যে এপ্লৰ নতুন নিয়ম অনুসৰি ব্যৱসায়ীসকলৰ পাৰ্চনেলাইজড্ এড্ দিয়াৰ সম্ভাৱনা কমি যাব । ফলত বৃহৎ প্ৰতিষ্ঠানসমূহৰ নিশ্চিত ভাৱেই অসুবিধা হ’ব, কিন্তু ক্ষুদ্ৰ ব্যৱসায়ীসকল ধ্বংস হৈ যাব বুলি বিজ্ঞাপন যোগে দাবী কৰা হৈছে। নিউ ইয়র্ক টাইমচ্, ৱাল ষ্ট্ৰীট জার্নেল সহ বিভিন্ন বাতৰি কাকতত এই বিজ্ঞাপন প্রকাশ কৰা হৈছে ।
চলিত সপ্তাহত এপ্লে জনাই যে কোন এপে কি ধৰণৰ তথ্য ব্যৱস্থা কৰিছে, সেই সংক্রান্তীয় তথ্য এপ্লে প্রকাশ কৰিব । তাৰ লগতে এতিয়াৰ পৰা কোনো ব্যক্তিৰ গতিবিধি ট্র্যেক কৰাৰ আগতে তেনে এপে বাধ্যতামূলক ভাৱে অনুমতি ল’ব লাগিব ।
বৰ্তমান বহু এপে নজনোৱাকৈ ব্যক্তিৰ গতিবিধি সম্পর্কিত তথ্য সংগ্রহ কৰে আৰু সেই সংক্রান্তীয় তথ্য নিদিয়াৰ বাবে চেটিংছ্ত গৈ সলনি কৰিব লগা হয় এপ্ ব্যৱহাৰকাৰীয়ে ।
অহা বছৰৰপৰা এই এন্টি-ট্র্যেকিং নিয়ম আৰম্ভ কৰিব এপ্লে । কোনো প্ৰতিষ্ঠানে এই নিয়ম নামানিলে তেওঁলোকৰ এপ্ এপ্ল ষ্ট’ৰৰপৰা বাহিৰ কৰি দিয়া হ’ব বুলিও সকীয়াই দিছে এপ্লে । অৱশ্যে ফেচবুকৰ প্ৰতিবাদ সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই এপ্লে ৷












