ষ্টাফ ৰিপ’ৰ্টাৰ:
বৰপেটাত আধাৰ কাৰ্ডৰ নামৰ চলিছে অনিয়ম। ধানবন্ধা গাঁৱৰ ৫ যুৱকে ধনৰ বিনিময়ত আধাৰ কাৰ্ডৰ কাম কৰি থকা অৱস্থাতে বৰপেটা আৰক্ষীয়ে অভিযান চলাই আটক কৰে ক্ৰমে মোজামিল খান, নাছিৰ উদ্দিন, ছাহজাহান আলী, আইনাল হক আৰু ছাইদুল ইছলামক; যদিও বাবুল নামৰ আন এজন যুৱক পলাই সাৰিবলৈ সক্ষম হয়৷
অভিযানত আধাৰ কাৰ্ড প্ৰস্তুতিত ব্যৱহৃত লেপটপ, প্ৰিন্টাৰ, স্কেনাৰৰ লগতে আৰক্ষীয়ে জব্দ কৰে ১৩ হাজাৰ টকাৰ নগদ ধন। পঞ্চায়ত অফিচত হ’বলগীয়া আধাৰ কাৰ্ডৰ কাম উক্ত যুৱককেইজনে নিশালৈ কাম কৰে। ধৃত যুৱককেইজনক আজি আদলতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷













