ষ্টাফ ৰিপ’ৰ্টাৰ:
বিপদত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি নৱগঠিত পৰিষদ।গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰিষদৰ কাম- কাজত জাৰি কৰিলে স্থগিতাদেশ ।হাগ্ৰামা মহিলাৰী লেখ আৱেদনৰ ভিত্তিত শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচি নতুন পৰিষদৰ কাম-কাজত স্থগিতাদেশ জাৰি কৰিছে।কোনো ধৰণৰ কাম-কাজ কৰিব নোৱাৰিব নতুন পৰিষদ খনে।
২২ ডিচেম্বৰত ন্যায়ালয়ে গ্ৰহণ কৰিব পৰৱৰ্তী শুনানি।উক্ত দিনা লৈ বাহাল থাকিব নিৰ্দেশনা।এই সময়চোৱাত শপত গ্ৰহণৰ পৰা আৰম্ভ কৰি সকলো বন্ধ থাকিব।
ন্যায়াধীশ সুমন শ্যামৰ আদালতে জাৰি কৰে এই নিৰ্দেশনা।অধ্যক্ষ- উপাধ্যক্ষ নিযুক্তি নোহোৱাকৈ মুখ্য কাৰ্যবাহী বিষয়াক নিযুক্তি দিয়াক লৈও আৰম্ভ হৈছিল বিতৰ্ক।
গুৰুত্বপূৰ্ণ বিপিএফ একক বৃহৎ দল আছিল বিটিচি নিৰ্বাচনত ।কিন্তু তাৰ পাছতো বিপিএফক পৰিষদ গঠনৰ এবাৰো সুযোগ দিয়া নাছিল বুলি ন্যায়ালয়ক অভিযোগ দাখিল কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।বিপিএফ প্ৰধান গৰাকীয়ে ২০০৪ চনৰ নিৰ্বাচনী বিধি উলংঘা কৰা বুলিও ন্যায়ালয়ক অৱগত কৰিছিল।













