নিউজ ডেস্কঃ
টাটা কোম্পানীয়ে জনাইছে যে তেওঁলোকে অহা বছৰৰ জানুৱাৰীৰ পৰা বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা গাড়ীসমূহৰ মূল্য বৃদ্ধি কৰিব ৷ মুম্বাইস্থিত কোম্পানীটোৱে যোৱা সোমবাৰে এখন প্ৰেছমেলত এই কথা সদৰি কৰিছে ৷
গাড়ী আন আন অংশসমূহৰ লগতে ক্ষুদ্ৰ যন্ত্ৰাংশসমূহৰ দাম বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত টাটাই এই সিদ্ধান্ত লোৱা বুলি জনাইছে ৷
গাড়ীসমূহৰ দাম মডেল, ডিজাইন আৰু ইন্ধনৰ খৰচৰ ওপৰত নিৰ্ভৰ কৰিব যদিও এই নীতি কেৱল M&HCV, I&LCV, SCV আৰু বাছৰ ওপৰতহে প্ৰযোজ্য হ’ব ৷